Nagaon Durga Puja: চন্দ্ৰযান-3 আৰ্হিৰ মণ্ডপত প্ৰতিমাৰ দেহত জিলিকিল অসমীয়া গহনা

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 10:21 PM IST

thumbnail

নগাঁও, 23 অক্টোবৰ: মহানৱমীত একপ্ৰকাৰ জনসমূদ্ৰত পৰিণত হৈছে অসমীয়া কেঁচা সোণৰ গহনাৰ বাবে বিখ্যাত নগাঁৱৰ ৰণথলী । প্ৰায় চাৰি-পাঁচ কিলোমিটাৰ পৰ্যন্ত পথত ভক্তৰ লানি নিছিগা সোঁত । অসমীয়া গহনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা নগাঁৱৰ যুৱক উৎপল বণিয়াই নিজা বাসগৃহত আয়োজন কৰা দুৰ্গা পূজাত মহানৱমীৰ নিশা ভিৰ কৰিছে অগণন ভক্তই । চন্দ্ৰযান-3 ৰ আৰ্হিত নিৰ্মাণ কৰা পূজা মণ্ডপত ভিৰ কৰিছে ভক্তই । স্থানীয় শিল্পী অঞ্জন বৰাই নিৰ্মাণ কৰিছে চন্দ্ৰযান-3 ৰ আৰ্হিৰ পূজা মণ্ডপ । লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞানে কিদৰে চন্দ্ৰ পৃষ্ঠত অৱতৰণ কৰিছিল তাকো দেখুওৱা হৈছে পূজা মণ্ডপৰ ভিতৰত । জিলাখনৰ বিভিন্ন ঠাইৰ পৰা হিলদ’ল ভাঙি মানুহ আহিছে এই চন্দ্ৰযান-3 আৰ্হিৰ মণ্ডপ চাবলৈ ৷ 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.