Maha Ashatami 2023: জনসচেতনতা সৃষ্টিৰ প্ৰয়াসেৰে নগাঁও হিন্দু মিলন মন্দিৰ পূজা সমিতিৰ ব্যতিক্ৰমী পদক্ষেপ

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 9:21 PM IST

thumbnail

নগাঁও, 22 অক্টোবৰ : আজি মহা অষ্টমী ৷ দেৱী বন্দনাৰে মুখৰিত ৰাজ্যৰ চৌদিশ ৷ প্ৰতি বছৰৰ দৰে এই বছৰো এক ব্যতিক্ৰমী চিন্তাৰে পূজা মণ্ডপ নিৰ্মাণ কৰিছে হিন্দু মিলন মন্দিৰ পূজা সমিতিয়ে । 1973 চনতে স্থাপিত নগাঁৱৰ হিন্দু মিলন মন্দিৰ পূজা সমিতি । নগাঁও চহৰৰ আৰ কে পথত থকা নগাঁও হিন্দু মিলন মন্দিৰে পূজা সমিতিয়ে দুৰ্ঘটনা, নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে সচেতনতাৰ সৃষ্টিৰ বাবে ল’লে অভিনৱ পদক্ষেপ ৷

এখন গাড়ীত চালকৰ আসনত বহি থকা লোকজন দুৰ্ঘটনাত পতিত হোৱাৰ এক দৃশ্য প্ৰতীকী ৰূপত দেখুৱাইছে হিন্দু মিলন মন্দিৰ পূজা সমিতিয়ে । একেদৰে আন এটাত দৃশ্যৰ জৰিয়তে মটৰ চাইকেলত উঠি অহা যুৱকে দুগৰাকী যুৱতীৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি নিয়াৰ দৃশ্যও প্ৰতীকী ৰূপত দেখুওৱা হৈছে । এনে দৰে কেইবাটাও স্পৰ্শকাতৰ বিষয়ত ৰাইজক সজাগ কৰাৰ চেষ্টা কৰিছে পূজা কমিটীয়ে ৷

লগতে পঢ়ক: Maha ashtami 2023 : গহপুৰৰ 100 বছৰ পুৰণি দুৰ্গা পূজা মণ্ডপত ভক্তৰ ভিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.