Mahalaya 2023 : মহালয়া উপলক্ষে জামুগুৰিহাটত পুৱাৰ পৰাই ভক্তৰ সমাগম

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 8:47 AM IST

Updated : Oct 14, 2023, 11:29 AM IST

thumbnail

চতিয়া, ১৪ অক্টোবৰ : আজি শুভ মহালয়া ৷ ধৰালৈ আগমন ঘটিল শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ । এইবাৰ মহালয়া অমাৱস্যা শুক্ৰবাৰে নিশা ৯ বাজি ৫০ মিনিট ২০ চেকেণ্ডৰ পৰা আৰম্ভ হৈছে আৰু শনিবাৰে ১৪ অক্টোৰৰ নিশা ১১ বাজি ২৪ মিনিট ২৪ চেকেণ্ডত অন্ত পৰিব । ৰাজ্যৰ ভিন ভিন প্ৰান্তৰ লেখিয়াকৈ জামুগুৰিহাটতো মহালয়া উপলক্ষে পুৱাই ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷

শনিবাৰে পুৱাই জামুগুৰিহাটৰ গায়ত্ৰী মন্দিৰত মহালয়াৰ শুভক্ষণত দেৱী বন্দনাৰ বাবে বহু ভক্ত ওলাই অহা পৰিলক্ষিত হ’ল ৷ যুদ্ধ বিধ্বস্ত পৰিৱেশ নাশ কৰি পুনৰ বিশ্বশান্তি প্ৰতিষ্ঠাৰ কাৰণে দেৱীৰ ওচৰত প্ৰাৰ্থনা জনায় ভক্তসকলে ৷ ইফালে ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হ’ব মা দুৰ্গাক ৷

মা দুৰ্গাৰ আগমনক লৈ জামুগুৰিহাটবাসী ৰাইজৰ মাজত ব্যাপক আনন্দ উল্লাস পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : Mahalaya 2023 : মহালয়া উপলক্ষে লোকাৰণ্য তেজপুৰৰ ঐতিহাসিক মহাভৈৰব মন্দিৰৰ প্ৰাংগন

Last Updated : Oct 14, 2023, 11:29 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.