Mahalaya 2023 : মহালয়া উপলক্ষে লোকাৰণ্য তেজপুৰৰ ঐতিহাসিক মহাভৈৰব মন্দিৰৰ প্ৰাংগন

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 7:16 AM IST

Updated : Oct 14, 2023, 8:29 AM IST

thumbnail

তেজপুৰ, ১৪ অক্টোবৰ : আজি মহালয়া । এইবাৰ মহালয়া ১৩ অক্টোবৰৰ নিশা ৯ বাজি ৫০ মিনিট ২০ চেকেণ্ডৰ পৰা আৰম্ভ হৈ শনিবাৰে অৰ্থাৎ ১৪ অক্টোবৰৰ নিশা ১১ বাজি ২৪ মিনিট ২৪ চেকেণ্ড পৰ্যন্ত থাকিব । এইবাৰ ধৰালৈ মা দুৰ্গা ঘোঁৰাত আহিছে আৰু ঘোঁৰাত উঠিয়ে পুনৰ গমন কৰিব ৷ মহালয়াৰ বাবে তেজপুৰ ঐতিহাসিক মহাভৈৰব মন্দিৰত অগনন ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে ৷

মহালয়াত অমাৱস্যাৰ দিনা পূৰ্বপুৰুষক শ্ৰদ্ধা জনাই হিন্দু শাস্ত্ৰ অনুযায়ী তৰ্পন কৰা হয় ৷ এই তৰ্পনৰ জৰিয়তে পূৰ্বপুৰুষক জলাভিষেক কৰাৰ প্ৰথা আছে । সেয়ে এই অমাৱস্যাক সৰ্বপিত্ৰ অমাৱস্যাও কোৱা হয় । কিন্তু তৰ্পন কেতিয়া হ’ব, তাৰ সময় নিৰ্ভৰ কৰে মহালয়াৰ অমাৱস্যা তিথি কেতিয়া পৰে তাৰ ওপৰত ।

পবিত্ৰ মহালয়াৰ পিচৰ দিনটোৰ পৰাই দেৱীপক্ষ আৰম্ভ হয় । দেৱীপক্ষৰ প্ৰথম দিনটোত পবিত্ৰ ৰাত্ৰি দেৱীক শ্ৰী শ্ৰী শৈল্য পুত্ৰী ৰূপত পূজা কৰা হয় । এনেদৰে দেৱীপক্ষৰ ৯ টা দিন বা নৱ ৰাত্ৰিত দেৱী দুৰ্গাৰ ৯ টা ৰূপক পূজা কৰা হয় । এই পূজাৰ অন্তিম তথা দশম দিনটো বিজয়া দশমী হিচাপে পালন কৰা হয় ।

লগতে পঢ়ক : Mahalaya 2023 : ধৰাৰ বুকুলৈ দেৱীৰ আগমন; ৰাজ্যজুৰি মহালয়াৰ ব্যাপক প্ৰস্তুতি

Last Updated : Oct 14, 2023, 8:29 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.