Destruction of forests in Tinsukia: বনধ্বংসৰে ‘‘অমৃত বৃক্ষ আন্দোলনত’’ হাতোৰা

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 12:20 PM IST

Updated : Sep 23, 2023, 2:07 PM IST

thumbnail

তিনিচুকীয়া, 23 ছেপ্তেম্বৰ : ধোঁৱা চাঙত অমৃত বৃক্ষ আন্দোলন  ৷  তিনিচুকীয়া জিলাৰ কাকপথাৰত সংৰক্ষিত বনাঞ্চল এতিয়া পৰিণত হৈছে মুকলি খেলপথাৰলৈ  ৷ এফালে ৰাজ্য চৰকাৰে গছপুলি ৰোপণ কৰি বিশ্ব অভিলেখৰ প্ৰচেষ্টা চলাইছে, আনফালে সংৰক্ষিত বনাঞ্চলৰ প্ৰকাণ্ড প্ৰকাণ্ড গছ কাটি তহিলং কৰিছে  ৷

তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অধীনৰ হাঁহখাটী-মেচাকী সংৰক্ষিত বনাঞ্চলত অইল ইণ্ডিয়া লিমিটেডৰ অধীনত ঠিকাদাৰে চলাইছে এই বন ধ্বংস যজ্ঞ  ৷ কিন্তু বন্যহস্তীৰ মুক্ত বিচৰণ ভূমি হিচাপে জনাজাত বনাঞ্চলখনৰ উক্ত স্থানত প্ৰায় 22 বিঘা ভূমিত প্ৰায় 5 কোটি টকা ব্যয় সাপেক্ষে ঠিকাদাৰে বৃহৎ বৃহৎ গছকে ধৰি হাবি-জংঘল কাটি মুকলি কৰি পেলাইছে  ৷  প্ৰকৃতি ধ্বংসকাৰী কাৰ্যৰ বিৰুদ্ধে এতিয়া কাকপথাৰত সৰৱ হৈ পৰিছে আছু, মৰাণ ছাত্ৰ সন্থাকে ধৰি স্থানীয় বিভিন্ন দল-সংগঠনৰ ।

লগতে পঢ়ক:Fake currency:মাৰ্ঘেৰিটাত নকল নোটৰ অবাধ প্ৰচলন, তেল ডিপো’ত নকল নোট দি পলায়ন

Last Updated : Sep 23, 2023, 2:07 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.