Fake currency:মাৰ্ঘেৰিটাত নকল নোটৰ অবাধ প্ৰচলন, তেল ডিপো’ত নকল নোট দি পলায়ন

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 10:37 PM IST

thumbnail

তিনিচুকীয়া, ২২ ছেপ্টেম্বৰ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত নকল নোটৰ অবাধ প্ৰচলন । মাৰ্ঘেৰিটাৰ এটা তেল ডিপো’ত একাংশ অসাধু লোকে জালি নোট দি গাড়ীত ভৰাই লৈ গ’ল ২৫০০ টকাৰ তেল । ৫০০ টকাৰ ৫ খন নকল নোট প্ৰদান কৰি তেল ভৰাই তিনিচুকীয়াৰ দিশত তীব্ৰ বেগত আঁতৰি যোৱা হুণ্ডাই কোম্পানীৰ গাড়ীখন বৰ্তমানলৈ চিনাক্ত কৰিব পৰা হোৱা নাই ।

চালিগ্ৰাম বিদ্ধিচাণ্ড এণ্ড কোম্পানীৰ মালিকনাধীন তেল ডিপো’টোত সংঘটিত হয় এই ঘটনা ৷ ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষী থানাত ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰি তেওঁলোকে চিচিটিভি ফুটেজো আৰক্ষীক যোগান ধৰিছে ৷ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানেও গাড়ীখনৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই । উল্লেখ্য যে, তিনিচুকীয়া জিলাত কিছু বছৰৰ পূৰ্বে আৰক্ষীয়ে জাল নোট ছপা কৰা মেচিনসহ দুষ্টচক্ৰক উৎখাত কৰিছিল যদিও সমূলঞ্চে নাইকিয়া কৰিব পৰা নাই এই কাৰবাৰ ।

লগতে পঢ়ক : Cattle Smuggling: ডিগবৈত চোৰাংভাৱে সৰবৰাহ কৰা 23 টা গৰুসহ বাহন জব্দ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.