Cattle Smuggling: ডিগবৈত চোৰাংভাৱে সৰবৰাহ কৰা 23 টা গৰুসহ বাহন জব্দ

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 2:47 PM IST

thumbnail

তিনিচুকীয়া, 21 ছেপ্টেম্বৰ: ৰাজ্যত অব্যাহত আছে চোৰাংভাৱে সৰবৰাহ কৰা গৰুৰ ৰমৰমীয়া বেহা ৷ প্ৰতিদিনেই ৰাজ্যৰ ভিন্ন প্ৰান্তত অসম আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে চোৰাংভাৱে সৰবৰাহ কৰা গৰু অথবা গৰু ভৰ্তি বাহন ৷ তথাপিও ৰাজ্যৰ পৰা নাশ হোৱা নাই চোৰাংভাৱে সৰবৰাহ কৰা গৰুৰ বেহা ৷ বুধবাৰে নিশা তিনিচুকীয়া জিলাৰ ডিগবৈ পানবাৰীত জব্দ কৰা হৈছে চোৰাংভাৱে সৰবৰাহ কৰা গৰু এখন গৰু ভৰ্তি বাহন ৷

বুধবাৰে নিশা পানবাৰী গাঁওৰক্ষী বাহিনীয়ে স্থানীয় ৰাইজৰ সহযোগত জব্দ কৰে গৰু ভৰ্তি বাহনখন । বাহনখনৰ নথি-পত্ৰ আৰু কেটেল পাৰ্মিতত বিসংগতি থকাৰ অভিযোগ উত্থাপন কৰিছে গাঁওৰক্ষী বাহিনীৰ লোকে । এই অভিযোগৰ ভিত্তিতে পৰৱৰ্তী সময়ত ডিগবৈ আৰক্ষীয়ে AS21 AC2160 নম্বৰৰ গৰু ভৰ্তি ট্ৰাকখন জব্দ কৰি ডিগবৈ আৰক্ষী থানালৈ লৈ যায় ৷ এই ঘটনা সন্দৰ্ভত ডিগবৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

ইফালে জব্দকৃত বাহনখনৰ চালকে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি, এই জব্দকৃত বাহনখনত আছিল 23 টা গৰু ৷ পেঙেৰীৰ ইনথেমৰ পৰা লৈ অনা হৈছিল গৰুকেইটা ।

লগতে পঢ়ক: Illegal Cattle Smuggling: ধুবুৰীত ৰাষ্ট্ৰীয় ঘাইপথত মাছ কঢ়িওৱা বাহনত ওলাল চোৰাংভাৱে সৰবৰাহ কৰা গৰু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.