Assam girl died mysteriously abroad: বহিঃৰাজ্যত ৰহস্যজনকভাৱে মৃত্যু মৰাণৰ বৰষা কাকতিৰ

By

Published : Mar 30, 2023, 10:08 AM IST

thumbnail

ডিব্ৰুগড়, 30 মাৰ্চ : কৰ্মসূত্ৰে বহিঃৰাজ্যলৈ গৈ ৰহস্যজনকভাৱে মৃত্যুক আকোৱালি ল’লে মৰাণৰ এগৰাকী যুৱতীয়ে (Death of Assamese teen girl in Chennai)। চৰাইদেউ জিলাৰ অন্তৰ্গত মৰাণ 1 নং শ’লগুৰি গাঁৱৰ বৰষা কাকতি (22) নামৰ যুৱতীগৰাকীয়ে স্কীল ডেভলৱমেণ্টৰ অধীনত আগষ্ট মাহত চেন্নাইলৈ গৈছিল কাম কৰিবলৈ । তাত তেওঁ এখন শ্বপিং ম’লতে কৰ্মৰত হৈ আছিল ।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, দুদিনৰ পূৰ্বে বৰষা কাকতিক শাৰীৰিক অসুস্থতাৰ বাবে ভৰ্তি কৰোৱা হৈছিল চেন্নাইৰ এখন হাস্পতালত ৷ কিন্তু হঠাৎ বুধবাৰে বৰষাৰ মৃত্যু হোৱা খবৰ লাভ কৰিলে পৰিয়ালৰ লোকে ৷ এই খবৰ লাভ কৰিয়েই এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হয় মৃত বৰষাৰ পৰিয়ালৰ মাজত (Allegation of Killing Barsha) ।

বৰষাৰ মৃতদেহ স্ব-গৃহ আহি পোৱাত মৃতদেহত কিছু আঘাতৰ চিন প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে ৷ বৰষাৰ পৰিয়ালৰ লোকে বৰষাৰ মৃত্যক লৈ কিছু সন্দেহ প্ৰকাশ কৰিছে ৷ ইফালে বৰষাৰ মৃত্যু সন্দৰ্ভত স্থানীয় আৰক্ষী থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিবলৈ গৈছিল ৷ কিন্তু আৰক্ষীয়ে এজাহাৰখন ল’বলৈ অমান্তি হয় ।

উপায়ন্তৰ হৈ দুৰ্ভগীয়া পৰিয়ালটোৱে এই ঘটনা সন্দৰ্ভত মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ তদন্ত ঘোষণা কৰি পৰিয়ালটোক ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : Spring Fruits of Assam : বসন্তৰ ফলৰ আগমনৰ লগে লগে কলিয়াবৰত বান্দৰৰ সন্ত্ৰাস

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.