ETV Bharat / state

Spring Fruits of Assam : বসন্তৰ ফলৰ আগমনৰ লগে লগে কলিয়াবৰত বান্দৰৰ সন্ত্ৰাস

author img

By

Published : Mar 30, 2023, 9:11 AM IST

Updated : Mar 30, 2023, 12:17 PM IST

বসন্ত ঋতুত ফল-মূলেৰে ভৰি পৰে অসম । বিভিন্ন ফল-মূলেৰে চহকী অসম । অসমক প্ৰকৃতাৰ্থত আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ থলুৱা ফল-মূল হ’ব পাৰে অন‍্যতম উপযুক্ত সাধন । বিহুগীততো বসন্ত ঋতুৰ ফল-মূলৰ বিৱৰণ আছে । কিন্তু তেনে বতৰৰ ফলৰ সময়তে কলিয়াবৰত বান্দৰে দেখুৱাইছে ত্ৰাহি মধুসূদন । এফালৰ পৰা তহিলং কৰি গৈছে খেতি-পথাৰ, ঘৰ-দুৱাৰ (Monkey menace at Kaliabor) ।

Kaliabor
Kaliabor

কলিয়াবৰত বান্দৰৰ সন্ত্ৰাস

কলিয়াবৰ, ৩০ মাৰ্চ : আমে মলিয়াই, কঁঠালে মুচি পেলাই ব'হাগী অহাৰ বাতৰি দিলে (Bohag Bihu 2023) । আমৰ ডালত কুলিৰ বিননিয়ে বসন্তৰ বা উতলা কৰে । বসন্তৰ বুকুতে বিভিন্ন ফলৰ গছত কুঁহিপাত মেলে, ফুল ফুলিবলৈ আৰম্ভ কৰে । ফলৰ গছবোৰত ফলৰ ফুল ধৰে, ফলৰ কলি পেলায় । প্ৰাকৃতিকভাৱেই অসমত ভিন্ন প্ৰকৃতিৰ ফল-মূল উৎপন্ন হয় । পথৰ কাষৰ বা হাবিৰ মাজৰ গৰাকীহীন আম, কঁঠাল, জামুক, লেটেকু, পনিয়লৰ খাওঁতা নাছিল এটা সময়ত ।

আজি দিন সলনি হ’ল যদিও এই ফল-মূলৰ উৎপাদন তুলনামূলকভাৱে কমা নাই । অথচ ইয়াৰ বাণিজ‍্যিক লাভালাভ আহৰণৰ ক্ষেত্ৰত আগবাঢ়িব পৰা নাই । সমাগত জহৰ দিন । এয়া বিধে বিধে ফল লগাৰ বতৰ । বসন্তৰ আগমনত প্ৰকৃতিয়ে ৰূপ সলাইছে (spring festival of Assam Rangali Bihu) । অসমৰ গাঁৱে-ভূঞে, চুকে-কোণে বিভিন্ন ফলৰ গছত শোভা কৰিছে বিভিন্ন টেঙা-মিঠা-কেঁহা ফলে । এই ফল-মূলবোৰৰ উপকাৰিতা বা ঔষধি গুণৰ বিষয়ে পুনৰাই কোৱাৰ প্ৰয়োজন নাই যদিও অসমীয়াই এই ফলবোৰৰ উপযুক্ত মৰ্যাদা দিব জনা নাই (Assam reaches fruits) ।

ফলৰ ৰজা আম, কঁঠাল, জামুক, সুমথিৰা, বেল, লেটেকু, পনিয়ল, লিচু, আহোম-বগৰী, প্লাম, ডালিম, অমৰা, আমলখি, টেঙাজাতীয় ফল– পৰা-আমলখি, কৰ্জা, ৰবাব টেঙা, বৰ টেঙা, চকলা টেঙা, বিলম্ব বা পটল টেঙা আদি বিধে বিধে এতিয়া গছৰ ডাল শোভা কৰিছে । ডালিম, লিচু, লেটেকু, পনিয়ল, আহোম বগৰী, বেল আদি কিছু ফল ইতিমধ‍্যে খাবৰ হৈছে (spring fruits of Assam) । ফলৰ ৰজা আমৰ আচাৰ প্ৰস্তুতৰ সময় এয়াই । পদিনাৰে চাট্‌নি খোৱাৰ লোভ হয়তো সকলোৰে আছে । জলফাই, ঔটেঙা, আনাৰসৰ ফুল ফুলিছ ।

ঠিক তেনদৰে ৰবাব টেঙা, সুমথিৰা, অমৰা, প্লাম, আমলখি, জামুকৰ কলি পেলাইছে‌ । অসমৰ থলুৱা ফল-মূলৰ বাণিজ‍্যিক লাভালাভৰ ক্ষেত্ৰত অসম মুঠেই আগবঢ়া নহয় । কাৰণ যিয়েই নহওক, কিন্তু এই জটিল সময়ছোৱাত স্বনিৰ্ভৰশীল হোৱাৰ যি এক বাসনা মানুহৰ মনত জাগ্ৰত হৈছে, সেই বাসনাক প্ৰকৃত ৰূপ দিবলৈ অসমৰ থলুৱা ফল-মূল এক অন‍্যতম সাধন হ’ব পাৰে । এই ক্ষেত্ৰত ৰাজ‍্যৰ আগ্ৰহী নিবনুৱাক কৃষিভিত্তিক উদ‍্যোগ স্থাপন কৰি অসমত উৎপন্ন হোৱা প্ৰচুৰ পৰিমাণৰ ফল-মূলক বাণিজ‍্যিক ক্ষেত্ৰখনত আগুৱাই যোৱাৰ এক বলিস্থ পদক্ষেপ অসম চৰকাৰৰ কৃষি আৰু বিপণন বিভাগটোৱে ল’ব পাৰে ।

এনে পদক্ষেপ ল’বৰ ইয়ে এক উপযুক্ত সময় । জহকালৰ ফলমূলবোৰৰ কিছুসংখ‍্যক খাব পৰা হৈছে, আন কিছুসংখ‍্যক দুই-এমাহৰ ভিতৰতে খাব পৰা হ’ব । বিশেষকৈ টেঙাজাতীয় ফলৰ ক্ষেত্ৰত অসম বিশেষভাৱে চহকী । টেঙাজাতীয় ফল মানে আচাৰ বা ৰসৰ বাবে উপয়ুক্ত । তদুপৰি আম, লিচু, আনাৰসো অসম তথা উত্তৰ-পূবত প্ৰচুৰ পৰিমাণে উৎপন্ন হয় । তৎসত্ত্বেও আচাৰ, ফলৰ ৰস, জাম-জেলীৰ ব‍্যৱসায়িক উৎপাদনত অসমৰ অৱস্থা মুঠেই সন্তোষজনক নহয়‌ । এছিয়াৰ এখন বৃহৎ কলৰ বজাৰ থকাৰ পিছতো অসমে কলৰ পৰা প্ৰস্তুত হোৱা বিভিন্ন ৰুচিকৰ খাদ‍্য বা জনপ্ৰিয় ‘বানানা শ্বেক’ অসমত উৎপাদন নহয় ।

ফল-মূলৰ সংৰক্ষণৰ সমস‍্যাৰ লগতে অসমৰ প্ৰায়ভাগ গাঁও অঞ্চল বান্দৰৰ উপদ্ৰৱত ত্ৰস্তমান । কলিয়াবৰৰ দৰে কৃষিপ্ৰধান এই অঞ্চলটোত ৰাইজে একো কৰি খাব নোৱাৰা হৈছে । বান্দৰ উপদ্ৰৱত ইয়াৰ ৰাইজে ত্ৰাহি মধুসূদন দেখিছে (Monkey menace at Kaliabor) । নিজৰ ঘৰৰ লগতে সংলগ্ন বাৰীসমূহতো ৰাইজে একো খেতি-বাতি কৰিব নোৱাৰা হৈছে । বান্দৰৰ জাক আহি ফল-মূল, অনান‍্য ফচল খোৱাৰ উপৰি গছ পৰ্যন্ত ধ্বংস কৰি সকলোবোৰ তহিলং কৰি যায় ।

কিছু বছৰৰ আগতে অসম বিধানসভাত বান্দৰৰ বাঢ়ি অহা উপদ্ৰৱ নোহোৱা কৰিবলৈ বান্দৰৰ জন্ম নিয়ন্ত্ৰণ বিষয়ক এক প্ৰস্তাৱ উত্থাপন কৰিছিল আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাই । সেই সময়ত বিষয়টো হাঁহি উঠা ধৰণৰ আছিল যদিও এতিয়া অসমৰ প্ৰায় অঞ্চলৰ ৰাইজে কান্দিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে । শেহতীয়াকৈ কলিয়াবৰত বান্দৰৰ উপদ্ৰৱে ভয়ানক ৰূপ লৈছে ।

ঘৰত কোনো নথকাৰ সুযোগ লৈ প্ৰৱেশ কৰি খাদ‍্য-সামগ্ৰী, বাচন-বৰ্তনৰ বিস্তৰ ক্ষতি কৰিবলৈ লৈছে বহু গাঁৱত । আনকি মানুহকো আক্ৰমণ কৰিছে বহু ঠাইত । বাৰীৰ খেতি-বাতি দূৰৈৰ কথা, ঘৰ এৰি কোনো-কেনিও যাব নোৱাৰা অৱস্থা বহু গাঁৱত । অদূৰ ভৱিষ‍্যতে বান্দৰ নিয়ন্ত্ৰণ নকৰিলে অসমত আন এক ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হ'ব ।

লগতে পঢ়ক :Joymati Divas observed in Tingkhang: টিংখাঙত জয়মতীৰ আৰ্তনাদত উচুপি উঠিল ৰাইজ

Last Updated : Mar 30, 2023, 12:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.