Rangia pregnant woman suicide case: ৰঙিয়া আৰক্ষীৰ জালত কনিষ্টবল তথা অভিযুক্ত স্বামী প্ৰাঞ্জিত শৰ্মা

By

Published : Aug 17, 2023, 6:16 PM IST

Updated : Aug 17, 2023, 6:35 PM IST

thumbnail

ৰঙিয়া, 17 আগষ্ট : জুমি দেৱীৰ মৃত্যুত জড়িত থকাৰ অভিযোগত বুধবাৰে নিশা  গ্ৰেপ্তাৰ কৰা হয় 301 APBN ৰ কনিষ্টবল তথা স্বামী প্ৰাঞ্জিত শৰ্মাক । ৰঙিয়া থানাত জুমি দেৱীৰ পিতৃয়ে গোচৰ তৰিছিল প্ৰাঞ্জিত শৰ্মাৰ বিৰুদ্ধে । নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে APBN ৰ কনিষ্টবলজনক । বুধবাৰে ৰঙিয়াৰ মহৰীয়াত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল জুমি দেৱী নামৰ এগৰাকী আঠমহীয়া অন্তঃসত্বা বোৱাৰীৰ মৃতদেহ । 

জুমি দেৱীৰ পৰিয়ালে অভিযোগ কৰিছিল যে স্বামীৰ বিবাহ বহিৰ্ভূত সম্পৰ্কৰ বাবেই স্বামী প্ৰাঞ্জিত শৰ্মাই পৰিকল্পিতভাৱে হত্যা কৰিছিল জুমি দেৱীক । পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ৰঙিয়া থানাৰ Case No 464/23 U/S 304(B) IPC ত বুধবাৰে নিশাই ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 30 APBN ৰ আৰক্ষী জোৱান তথা স্বামী প্ৰাঞ্জিতক । 

অভিযোগ অনুসৰি পত্নীক নিৰ্যাতনো চলাইছিল স্বামী প্ৰাঞ্জিত শৰ্মাই । বিয়া হোৱাৰ প্ৰায় এবছৰ নৌহওঁতেই লখিমপুৰৰ এগৰাকী মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আৰম্ভ হৈছিল স্বামী প্ৰাঞ্জিতৰ ৷ এই কথা প্ৰাঞ্জিতৰ পৰিয়ালেও গম পাইছিল বুলি অভিযোগ উত্থাপিত হৈছিল ৷ ইয়াক লৈ দুয়োৰে মাজত সংঘাতৰ সৃষ্টি হৈছিল । সম্প্ৰতি অভিযুক্ত স্বামীক আৰক্ষীয়ে সোধা-পোছা কৰি আছে ৷ 

লগতে পঢ়ক: Raniga woman death: স্বামীৰ বিবাহ বহিৰ্ভূত প্ৰেম, গৰ্ভৱতী পত্নীয়ে কৰিলে আত্মহত্যা

Last Updated : Aug 17, 2023, 6:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.