Raniga woman death: স্বামীৰ বিবাহ বহিৰ্ভূত প্ৰেম, গৰ্ভৱতী পত্নীয়ে কৰিলে আত্মহত্যা

By

Published : Aug 16, 2023, 10:29 PM IST

thumbnail

ৰঙিয়া, 16 আগষ্ট : ৰঙিয়াত সোমবাৰে মাতৃ-কন্যাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰৰ ৰহস্য উদঘাটন নৌহওঁতেই এইবাৰ ৰঙিয়া পুনৰ চাঞ্চল‍্যকৰ ঘটনা সংঘটিত হৈছে ৷ বুধবাৰে ডিমুৰ মহৰীয়াত উদ্ধাৰ হ'ল আঠমহীয়া গৰ্ভৱতী মহিলাৰ মৃতদেহ । মৃত মহিলাগৰাকীৰ নাম জুমি দেৱী বুলি জানিব পৰা গৈছে ৷ এই ঘটনাৰ পিচতে বোৱাৰীগৰাকীৰ পৰিয়ালে মহিলাগৰাকীৰ স্বামীৰ প্ৰাঞ্জিত শৰ্মাৰ ওপৰত সন্দেহৰ আঙুলি উঠাইছে ৷ মহিলাগৰাকীয়ে আত্মহত্যা কৰি মৃত্যুবৰণ কৰা বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে ৷

ইফালে মৃত জুমি দেৱীৰ পৰিয়ালবৰ্গই অভিযোগ উত্থাপিত কৰা অনুসৰি, স্বামী প্ৰঞ্জিত শৰ্মাৰ লখিমপুৰৰ আন এগৰাকী নাৰীৰ লগত সম্পৰ্ক আছে । এই সন্দৰ্ভত স্বামী-স্ত্ৰীৰ মাজত প্ৰায়েই কাজিয়া হৈ আছিল । আৰু এই কাজিয়াৰ বিষয়ে প্ৰাঞ্জিত শৰ্মাৰ পৰিয়ালবৰ্গয়ো সম্পূৰ্ণ জ্ঞাত ।

এই ঘটনাৰ পূৰ্বে মঙলবাৰে নিশা জুমিয়ে ৰাতি ফোনযোগে পৰিয়ালবৰ্গৰ লগত কথা পাতিছিল । কিন্তু বুধবাৰে পুৱা প্ৰায় দহ বজাত আৰক্ষীয়ে জুমিৰ পিতৃক ফোনযোগে জনায় যে, জুমিৰ মৃত্যু হৈছে । এই ঘটনাৰ পিছতে জুমিৰ পৰিয়ালবৰ্গই হত্যাৰ অভিযোগ উত্থাপিত কৰি ৰঙিয়া আৰক্ষীৰ কাষ চাপিছে । আৰক্ষীয়ে জুমিৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: Prisoner escaped from jail: জিলা কাৰাগাৰৰ পৰা কয়দীৰ পলায়ন; হত্যাৰ অপৰাধত হৈছিল কাৰাবন্দী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.