নিলম্বিত এ ডি চি সুকন্যা বৰাৰ ঘৰত চি এম ভিজিলেন্সৰ অভিযান

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 6:17 PM IST

thumbnail

গুৱাহাটী, ১২ ডিচেম্বৰ : নিলম্বিত এ ডি চি সুকন্যা বৰাৰ ঘৰত অভিযান । মঙলবাৰে চি এম ভিজিলেন্সৰ এটা দলে মহানগৰীৰ গান্ধীবস্তিস্থিত সুকন্যা বৰাৰ বাসগৃহৰ লগতে ছয়মাইলৰ ফ্লেটতো অভিযান চলায় । নিলম্বিত ADC সুকন্যা বৰাৰ নাম সাংসদ পুঁজিৰ কেলেংকাৰীত সাঙোৰ খাইছিল । সুকন্যা বৰাৰ গান্ধীবস্তিৰ ঘৰৰ জোখমাখো কৰে তদন্তকাৰী দলটোৱে ।

আনহাতে ছয়মাইলৰ ছিণ্ডিকেট আৰ্কাডিয়াত থকা সুকন্যা বৰাৰ ফ্লেটত অভিযান চলায়  চি এম ভিজিলেন্সে । ছিণ্ডিকেট আৰ্কাডিয়াৰ ছয় মহলাত থকা ফ্লেটত সুকন্যাক লগত লৈ অভিযান চলোৱা হয় । অভিযানত বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ জব্দ কৰে অভিযানকাৰী দলটোৱে । সুকন্যা বৰাৰ নামত থকা সম্পত্তিৰ দীঘলীয়া তালিকাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে চি এম ভিজিলেন্সে ৷

উল্লেখ্য যে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজি কেলেংকাৰী সম্পৰ্কীয় গোচৰৰ তদন্ত অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে । কোনো কাম নকৰাকৈ সাংসদ পুঁজিৰ লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগত ২২ মে’ত নিলম্বিত কৰিছিল এ চি এছ সুকন্যা বৰাক । ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে মুঠ ১৪ গৰাকী লোকক অভিযুক্ত কৰিছে ।

ইফালে আৰক্ষীয়ে বিভিন্ন পঞ্চায়তৰ লোকৰ লগতে স্থানীয় লোকৰ পৰা সাক্ষ্য গ্ৰহণ কৰিছে । তদন্তৰ লগতে সাক্ষীৰ পৰা লাভ কৰা তথ্যত কোনো কাম নকৰাকৈ সাংসদ পুঁজিৰ লাখ লাখ টকা আত্মসাৎ কৰাটো নিশ্চিত হৈছে ।

লগতে পঢ়ক : কা বিৰোধী আন্দোলন তাৎক্ষণিকভাৱেহে বিফল হৈছিল: অখিল গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.