ETV Bharat / state

কা বিৰোধী আন্দোলন তাৎক্ষণিকভাৱেহে বিফল হৈছিল: অখিল গগৈ

author img

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 2:16 PM IST

five martyrs of the CAA movement
আমগুৰিত CAA আন্দোলনৰ পঞ্চ শ্বহীদক স্মৰণ

শিৱসাগৰ জিলাৰ আমগুৰিৰ চামগুৰিত আজি কেন্দ্ৰীয়ভাৱে কা আন্দোলনৰ পঞ্চ শ্বহীদক স্মৰণ কৰা হয় । এই অনুষ্ঠানত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ উপস্থিত থাকি আইনত পৰিণত হোৱা কা (CAA) ক অসমত বলবৎ কৰাৰ চেষ্টা কৰিলেই পূৰ্বতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷ ইফালে অনুষ্ঠানত উপস্থিত লোকে কা বিৰোধী আন্দোলন পুনৰ তীব্ৰ ৰূপত গঢ়ি তোলাৰ সংকল্প লয় ।

আমগুৰিত CAA আন্দোলনৰ পঞ্চ শ্বহীদক স্মৰণ

আমগুৰি,১২ ডিচেম্বৰ: "কা বিৰোধী আন্দোলন তাৎক্ষণিকভাৱেহে বিফল হৈছিল । ইতিহাসৰ পাতত বিফল হোৱা নাই । কা বিৰোধী আন্দোলন সৰ্বাত্মকভাৱে অসমীয়া জাতিৰ অনুপ্ৰেৰণা আছিল । আজিৰ দিনটোতে মোকো চৰকাৰে হত্যাৰ ষড়যন্ত্ৰ কৰিছিল । ঘটনাক্ৰমেহে মই সাৰি গ’লো । " এই মন্তব্য ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ৷ কা বিৰোধী আন্দোলনত পুলিচৰ গুলীত নিহত পঞ্চ শ্বহীদক স্মৰণ কৰি মঙলবাৰে এইদৰে কয় ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে ৷

তেওঁ লগতে কয়, "চৰকাৰৰ সৈতে আপোচ কৰা একাংশ জাতীয় সংগঠনে কা আন্দোলনক ৰাজপথৰ পৰা খেলপথাৰলৈ কঢ়িয়াই সম্পূৰ্ণ আন্দোলনটো মষিমূৰ কৰিলে । আইনত পৰিণত হোৱা কেবক অসমত বলবৎ কৰাৰ চেষ্টা কৰিলেই পূৰ্বতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব । আমি সংকল্প গ্ৰহণ কৰিছো এইবাৰ আমি মৃত্যুক আকোঁৱালি ল’বলৈও কুণ্ঠাবোধ নকৰো ।"

চৰকাৰক হুমকি প্ৰদান কৰি গগৈয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ পুনৰ এক বৃহৎ গণতান্ত্ৰিক আন্দোলনৰ বাবে সাজু হ’বলৈ কয় । তেওঁ লগতে ইতিমধ্যে ৰাইজৰ সৈতে এই সন্দৰ্ভত কথা পতাৰো কথা উল্লেখ কৰে । উল্লেখ্য যে, শিৱসাগৰ জিলাৰ আমগুৰিৰ চামগুৰিত আজি অৰ্থাৎ মঙলবাৰে কেন্দ্ৰীয়ভাৱে কা আন্দোলনৰ পঞ্চ শ্বহীদক স্মৰণ কৰা হয় ।

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে আকোঁৰগোজ হৈ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ চমুকৈ "কেব" ক আইন (নাগৰিকত্ব সংশোধনী আইন ২০১৯) চমুকৈ "কা" ত পৰিণত কৰি অসম তথা সমগ্ৰ ভাৰতবৰ্ষতে আৰোপ কৰাক কেন্দ্ৰ কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলত এক ব্যাপক গণ জাগৰণৰ সূচনা হয় ৷ এই আন্দোলন অসম তথা ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসতেই এক অত্যন্ত গুৰুত্বপূৰ্ণ ৰাজনৈতিক ঘটনা হিচাপে খোদিত হৈ ৰ’ব। কাৰণ এই আন্দোলন আছিল ৰাইজৰ আন্দোলন ৷ অসম আন্দোলনৰ পিচত অসমত হোৱা বৃহৎ গণ আন্দোলন ।

২০১৯ চনৰ ৯ ডিচেম্বৰত আৰম্ভ হোৱা ধাৰাবাহিক আন্দোলনলৈ ব্যাপক আৰু স্বতঃস্ফুৰ্তভাৱে ওলাই আহিছিল ৰাইজ ৷ এই আন্দোলন সামগ্ৰীকভাৱে যুৱ প্ৰজন্মৰ বাবে আছিল এক বিৰল অভিজ্ঞতাৰ অধ্যায় । প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ চৰকাৰী বাহিনীৰ হাতত প্ৰাণ হেৰুৱাইছিল ছয়গাঁৱৰ দীপাঞ্জল দাস, গুৱাহাটীৰ হাতীগাঁৱৰ ছেম ষ্টেফৰ্ড, ডিব্ৰুগড়ৰ দীজেন্দ্ৰ পাংগিং, ওদালগুৰিৰ ঈশ্বৰ নায়ক আৰু বৰপেটাৰ আব্দুল আলিমে । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দ্বাৰা আয়োজিত পঞ্চ শ্বহীদ স্মৰণ দিৱসত শতাধিক লোক উপস্থিত থকাৰ লগতে কা বিৰোধী আন্দোলন পুনৰ তীব্ৰতৰ ৰূপত গঢ়ি তোলা হ’ব বুলি সকলোৱে সংকল্প গ্ৰহণ কৰে ।

লগতে পঢ়ক: অবৈধ প্ৰব্ৰজনকাৰীৰ সঠিক তথ্য সংগ্ৰহ সম্ভৱ নহয়; নাগৰিকত্ব আইন সন্দৰ্ভত কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.