ETV Bharat / bharat

অবৈধ প্ৰব্ৰজনকাৰীৰ সঠিক তথ্য সংগ্ৰহ সম্ভৱ নহয়; নাগৰিকত্ব আইন সন্দৰ্ভত কেন্দ্ৰ

author img

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 1:01 PM IST

গৃহ মন্ত্ৰালয়ে মঙলবাৰে উচ্চতম ন্যায়ালয়ক কয় যে দেশৰ বিভিন্ন প্ৰান্তত বাস কৰা অবৈধ প্ৰব্ৰজনকাৰীসকলৰ সঠিক তথ্য সংগ্ৰহ কৰাটো সম্ভৱ নহয় । কিয়নো অবৈধ প্ৰব্ৰজনকাৰীসকলে বৈধ ভ্ৰমণ নথি অবিহনে গোপনে দেশত প্ৰৱেশ কৰে ।

Centre to Supreme Court on Citizenship Act
অবৈধ প্ৰব্ৰজনকাৰীৰ সঠিক তথ্য সংগ্ৰহ সম্ভৱ নহয়; নাগৰিকত্ব আইন সন্দৰ্ভত কেন্দ্ৰt

নিউজ ডেস্ক, ১২ ডিচেম্বৰ : কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক কৈছে যে দেশৰ বিভিন্ন প্ৰান্তত বাস কৰা অবৈধ প্ৰব্ৰজনকাৰীসকলৰ সঠিক তথ্য সংগ্ৰহ কৰাটো সম্ভৱ নহয় । কিয়নো ভাৰতত অনুপ্ৰৱেশকাৰীৰ প্ৰৱেশ 'গোপনে আৰু অবৈধভাৱে' হয় ।

গৃহ মন্ত্ৰালয়ে দাখিল কৰা শপতনামাত কোৱা হৈছে যে অবৈধ প্ৰব্ৰজনকাৰীসকলে গোপনে আৰু বৈধ ভ্ৰমণ নথি অবিহনে দেশখনত প্ৰৱেশ কৰে ।

১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহলৈ 'অবৈধ প্ৰব্ৰজনকাৰীৰ আনুমানিক প্ৰবাহ'ৰ বিৱৰণ বিচাৰি শীৰ্ষ ন্যায়ালয়ে দিয়া নিৰ্দেশনাৰ উত্তৰত শপতনামাখনত কোৱা হৈছে, "এনে অবৈধভাৱে থকা বিদেশী নাগৰিকসকলক চিনাক্ত কৰা, আটক কৰা আৰু বিতাড়ন কৰাটো চলি থকা এক জটিল প্ৰক্ৰিয়া" ।

"যিহেতু দেশখনত এনে বিদেশী নাগৰিকৰ প্ৰৱেশ গোপনীয়, সেয়েহে দেশৰ বিভিন্ন প্ৰান্তত বাস কৰা এনে অবৈধ প্ৰব্ৰজনকাৰীসকলৰ সঠিক তথ্য সংগ্ৰহ কৰা সম্ভৱ নহয় ।" শপতনামাখনত কোৱা হৈছে ।

গৃহ সচিবে দাখিল কৰা শপতনামাত কোৱা হৈছে যে ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৫ মাৰ্চৰ ভিতৰত অসমলৈ অহা ১৭,৮৬১ জন লোকক নাগৰিকত্ব প্ৰদান কৰা হৈছিল । কেন্দ্ৰীয় গৃহ সচিব অজয় ভল্লাই কয় যে অৱশ্যে ২০১৭ চনৰ পৰা ২০২২ চনৰ ভিতৰত মুঠ ১৪,৩৪৬ জন বিদেশীক বিতাড়িত কৰা হৈছিল । অতিৰিক্ত সময় ধৰি থকা, ভিছা উলংঘন, অবৈধ প্ৰৱেশ আদি বিভিন্ন কাৰণত তেওঁলোকক বিতাড়ন কৰা হৈছিল ।

কেন্দ্ৰই লগতে কয় যে ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৫ মাৰ্চৰ ভিতৰত দেশত প্ৰৱেশ কৰা লোকসকলৰ ৩২,৩৮১ জন বিদেশী (ন্যায়াধিকৰণ) আদেশ, ১৯৬৪ চনৰ অধীনত বিদেশী ন্যায়াধিকৰণৰ আদেশৰ দ্বাৰা ৩১ অক্টোবৰ, ২০২৩ লৈকে বিদেশী বুলি ধৰা পৰিছে ।

অসম চুক্তি স্বাক্ষৰৰ পিছত নাগৰিকত্ব আইন, ১৯৫৫-ত অন্তৰ্ভুক্ত কৰা ধাৰা ৬এ-ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰি থকা উচ্চতম ন্যায়ালয়ত এই শপতনামা দাখিল কৰা হৈছে ।

সীমান্তত কাঁটাতাঁৰৰ বেৰ দিয়াৰ দিশটো সন্দৰ্ভত কেন্দ্ৰই কয় যে সমগ্ৰ ভাৰত-বাংলাদেশ সীমান্তৰ বাবে প্ৰায় ৮১.৫% বেৰৰ কাম সম্ভৱপৰ দৈৰ্ঘ্যত সম্পূৰ্ণ কৰা হৈছে আৰু প্ৰায় ২৮.২% অসম্ভৱপৰ দৈৰ্ঘ্য (অসম আৰু ত্ৰিপুৰাত নদী/নলাৰ ব্যৱধান ইত্যাদি) প্ৰযুক্তিগত সমাধান প্ৰয়োগ কৰি সামৰি লোৱা হৈছে । "অসমে বাংলাদেশৰ সৈতে প্ৰায় ২৬৩ কিলোমিটাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ-বতৰা কৰিছে । যাৰ ভিতৰত প্ৰায় 210 কিলোমিটাৰ বেৰৰ দ্বাৰা আৱৰি আছে আৰু বাকী থকা অসম্ভৱপৰ দৈৰ্ঘ্যখিনি প্ৰযুক্তিগত সমাধানেৰে আৱৰা হৈছে ।" শপতনামাখনত কোৱা হৈছে ।

কেন্দ্ৰই কয় যে পশ্চিমবংগৰ বাংলাদেশৰ সৈতে প্ৰায় 2216.7 কিলোমিটাৰ সীমান্ত আছে । ইয়াৰ ভিতৰত 78% সম্ভৱপৰ দৈৰ্ঘ্যৰ সীমা বেৰেৰে আৱৰি আছে । লগতে কোৱা হৈছে যে ৪৩৫.৫০৪ কিলোমিটাৰ দৈৰ্ঘ্য বেৰৰ দ্বাৰা আৱৰি থাকিব লাগিব আৰু ভূমি অধিগ্ৰহণৰ বাবে প্ৰায় ২৮৬.৩৫ কিলোমিটাৰ বাকী আছে । উল্লেখ্য যে শীৰ্ষ ন্যায়ালয়ে মঙলবাৰে বিষয়টো শুনানিৰ বাবে গ্ৰহণ কৰাৰ কথা আছে ।

লগতে পঢ়ক :পাক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযোগনামা দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.