Sarbananda Sonowal at Majuli : মাজুলীৰ দলং নিৰ্মাণস্থলী পৰিদৰ্শন সৰ্বানন্দ সোণোৱালৰ

By

Published : Feb 18, 2023, 8:49 PM IST

thumbnail

মাজুলী, ১৮ ফেব্ৰুৱাৰী : প্ৰায় এটা বছৰৰ পাছত শনিবাৰে মাজুলীত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ ভাৰত চৰকাৰৰ বন্দৰ পৰিবহণ, জলপথ আৰু আয়ুস মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (central minister Sarbananda Sonowal visited Majuli) । নিমাতীঘাটৰ পৰা এখন বিশেষ ফেৰীৰে মাজুলীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণাৱাল । প্ৰায় এটা বছৰৰ পাছত মাজুলীত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক অফলামুখ পাৰঘাটত বিজেপিৰ নেতা-কৰ্মীসকলে উষ্ম আদৰণি জনায় ।

মাজুলীত উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলীবাসীৰ সপোন যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰে । আনহাতে, যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণস্থলীত উপস্থিত হৈ সৰ্বানন্দ সোণোৱালে দলং নিৰ্মাণত জড়িত সংস্থাৰ লগত মত বিনিময় কৰে (Sarbananda Sonowal visited Majuli bridge site) । লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দলং নিৰ্মাণত জড়িত সংস্থাটোক মাজুলীবাসীৰ বাবে সপোনৰ এই দলংখন নিৰ্মাণ কৰোঁতে যাতে কোনো ধৰণৰ আসোঁৱাহ নাথাকে তাৰ বাবে সকলো দিশ চালি-জাৰি চাবলৈও বাবে আহ্বান জনায় । আনহাতে, নিৰ্মাণ সংস্থাটোক নিৰ্দিষ্ট দিনৰ ভিতৰতে দলং নিৰ্মাণৰ কাম শেষ কৰাৰ বাবেও আহ্বান জনায় (former CM Sarbananda Sonowal) ।

ইয়াৰ পিছত মাজুলী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ গড়মূৰস্থিত নীলকণ্ঠ মন্দিৰত গৈ উপস্থিত হয় । শিৱৰাত্ৰি উপলক্ষে নীলকণ্ঠ মন্দিৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পূজা-অৰ্চনা আগবঢ়ায় ।

উল্লেখ্য, ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা যোৰহাটৰ ঐতিহাসিক চ'ক বজাৰৰ অগ্নিকাণ্ডস্থলী পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ঘটনাস্থলীত উপস্থিত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্তসকলৰ সৈতে মত বিনিময় কৰে । তেওঁ লগতে ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলক পৰ্যাপ্ত পৰিমাণে সহায়ৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে  (Sarbananda Sonowal visited Fire place of Jorhat) । আনহাতে, সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ লগত আলোচনা কৰি ভস্মীভূত বজাৰখন পুনৰ নিৰ্মাণৰ বাবে এক স্থায়ী সমাধান উলিওৱাৰো আশ্বাস প্ৰদান কৰে ।

উল্লেখ্য যে বিধ্বংসী অগ্নিকাণ্ডত ধ্বংসস্তূপত পৰিণত হৈছে ঐতিহাসিক চ'ক বজাৰ (Jorhat chowk bazar fire) । বৃহস্পতিবাৰে নিশা সংঘটিত অগ্নিকাণ্ডত নিমিষতে শেষ হৈ যায় ৩০০০ পৰিয়ালৰ জীৱন-জীৱিকাস্থলী (Fire breaks out in Jorhat) । ১৯৫১ চনতে স্থায়ীভাৱে স্থাপিত ঐতিহাসিক চ'ক বজাৰত এতিয়া চৌদিশে পোৰা পোৰা গোন্ধ আৰু ধ্বংসস্তূপৰ ছবি ।

লগতে পঢ়ক :Jorhat Chowk Bazaar fire: যোৰহাটৰ অগ্নিকাণ্ডস্থলী পৰিদৰ্শন সৰ্বানন্দ সোণোৱালৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.