ETV Bharat / state

Jorhat Chowk Bazaar fire: যোৰহাটৰ অগ্নিকাণ্ডস্থলী পৰিদৰ্শন সৰ্বানন্দ সোণোৱালৰ

author img

By

Published : Feb 18, 2023, 4:03 PM IST

Jorhat Chowk Bazaar fire
যোৰহাটৰ অগ্নিকাণ্ডস্থলী পৰিদৰ্শন সৰ্বানন্দ সোণোৱালৰ

যোৰহাটৰ ঐতিহাসিক চ'ক বজাৰৰ অগ্নিকাণ্ডস্থলী পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । অগ্নিকাণ্ডস্থলী পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত ৰাইজৰ সৈতে মত বিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে(Sarbananda Sonowal visited Fire place of Jorhat) । ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলক সকাহ দিয়াৰ আশ্বাস কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ।

যোৰহাটৰ অগ্নিকাণ্ডস্থলী পৰিদৰ্শন সৰ্বানন্দ সোণোৱালৰ

যোৰহাট, ১৮ ফ্ৰেব্ৰুৱাৰী: যোৰহাট ঐতিহাসিক আৰু ইতিহাসৰ পৃষ্ঠাত স্মৃতি বিজাড়িত হৈ থকা চ'ক বজাৰৰ অগ্নিকাণ্ডস্থলী শনিবাৰে পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উপস্থিত হৈ মত বিনিময় কৰে ক্ষতিগ্ৰস্তসকলৰ সৈতে । লগতে পৰ্যাপ্ত পৰিমাণে সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে(Sarbananda Sonowal visited Fire place of Jorhat) । আনহাতে সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকী লগত আলোচনা এক স্থায়ী সমাধান উলিয়াই দিয়া আশ্বাস প্ৰদান কৰে ।

উল্লেখ্য যে, ঐতিহাসিক চ'ক বজাৰ সময় সোঁতত পৰি এতিয়া ধ্বংসস্তূপত মাজত পৰি ৰৈছে(Jorhat chowk bazar fire) । বৃহস্পতিবাৰে নিশা সংঘটিত অগ্নিকাণ্ডত নিমিষতে শেষ হৈ গ'ল ৩০০০ পৰিয়াল জীৱন জীৱিকা উৎপত্তি স্থল (Fire breaks out in Jorhat) । ১৯৫১ চনতে স্থায়ীভাৱে স্থাপিত ঐতিহাসিক চ'ক বজাৰ আজি চাৰিও দিশে দেখিবলৈ পোৱা গৈছে ধ্বংসস্তূপত পৰিণত হোৱা ছবি (Fire in Jorhat chowk bazar ) । যিমান দূৰলৈ চকু যায়, মাথো সকলো পিনে ধ্বংসাৱশেষ আচবাব ।

চৰকাৰী তথ্য মতে ৩৫১ খন আৰু বেচৰকাৰী তথ্য মতে ৫৩০ খন ব্যৱসায়িক প্ৰতিষ্ঠান বৃহস্পতিবাৰে নিশা সংঘটিত ভয়াৱহ অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয়(Historic Chowk Bazaar was over in an instant) । এতিয়া জীৱিকা সম্বল বিচাৰি মাথো চিৎকাৰ কৰি উঠিছে প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীয়ে (Fire Site of Jorhat Chowk Bazar) । জুইৰ লেলিহান শিখাৰ গতি ইমানে বেছি আছিল যে কাষৰীয়া জিলা পৰা অহা অগ্নি নিৰ্বাপক বাহিনীয়েও ১৪ ঘন্টাৰ অন্ততহে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছিল । ভয়াৱহ অগ্নিকাণ্ডৰ ফলত প্ৰায় ২০ কোটি টকা সা-সামগ্ৰী নষ্ট হয় ।

যোৱা ১৬ ফেব্ৰুৱাৰীৰ নিশা প্ৰায় ৯:৩০ মান বজাত সংঘটিত হৈছিল এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ নিশাৰ ভাগত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডত ঐতিহাসিক চ’ক বজাৰৰ এখনৰ পাছত আনখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জাহ গৈছিল ৷ জুইৰ লেলিহান শিখাই এফালৰ পৰাৰ গ্ৰাস কৰি গৈছিল ঐতিহাসিক বজাৰখনৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ । নিমিষতে ধ্বংসাৱশেষলৈ ৰূপান্তৰ হৈছিল চ’ক বজাৰৰ বিপনীসমূহ ।

যোৰহাট নগৰত ইটোৰ পাছত সিটোকৈ সংঘটিত হৈ অহা এনে বহুকেইটা অগ্নিকাণ্ডৰ ঘটনাই যোৰহাটবাসীক স্বাভাৱিকতে চিন্তিত কৰি তুলিছে ৷ যোৰহাটৰ সচেতন ৰাইজে এই অগ্নিকাণ্ডৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক: Mahashivratri 2023: মহা শিৱৰাত্ৰি উপলক্ষ্যে টিলিঙা মন্দিৰলৈ অগনন ভক্তৰ আগমন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.