ATSU protest : মৰিগাঁৱত ভূমিপুত্ৰ তিৱাসকলৰ বিভিন্ন দাবীৰে ধৰ্মঘট কাৰ্যসূচী

By

Published : May 30, 2023, 6:51 PM IST

thumbnail

মৰিগাঁও, 30 মে’ : মৰিগাঁৱত সদৌ তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বত বহুকেইটা তিৱা জাতীয় আৰু জনগোষ্ঠীয় দল সংগঠনে ভূমিপুত্ৰ তিৱা সকলৰ বিভিন্ন দাবী পূৰণৰ বাবে মৰিগাঁও সদৰ বিহুতলীত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে (ATSU protest in Morigaon) । প্ৰতিবাদকাৰীসকলে তিৱা স্বায়ত্ত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰা, সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত মৰিগাঁও সদৰ বিধান সভা সমষ্টিটো জনজাতিৰ বাবে সংৰক্ষিত কৰা, অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ আইন ২০১৭ তিৱা স্বায়ত্ত শাসিত এলেকাৰ পৰা প্ৰত্যাহাৰ কৰিবলৈ, SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত CBI য়ে ক্ষিপ্ৰতাৰে তদন্ত কৰি দোষীক আইনগত শাস্তি প্ৰদান কৰক আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

লগতে প্ৰতিবাদকাৰীসকলে বিৰ্তকিত আৰক্ষী অধীক্ষক লীনা দলেক গ্ৰেপ্তাৰ কৰক ,ন’ জাষ্টিছ ন’ ৰেষ্ট আদি শ্লোগানেৰে আৰক্ষী অধীক্ষকগৰাকীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰে। আনহাতে প্ৰতিবাদকাৰীসকলে মৰিগাঁও জিলা উপায়ুক্তৰ জড়িয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ দহদফীয়া দাবী সন্মিলিত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। 

লগতে পঢ়ক: Crime in capital city: গুৱাহাটী মহানগৰীত দিন দুপৰতে দুই যুৱকক ছুৰীকাঘাত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.