Crime in capital city: গুৱাহাটী মহানগৰীত দিন দুপৰতে দুই যুৱকক ছুৰীকাঘাত

By

Published : May 29, 2023, 8:31 PM IST

thumbnail

গুৱাহাটী, ২৯ মে’: মহানগৰীত বৃদ্ধি পাইছে অস্ত্ৰধাৰী যুৱকৰ সন্ত্ৰাস । সোমবাৰে পুনৰ বশিষ্ঠ মন্দিৰৰ ভূতনাথ শ্মশানৰ সমীপত সংঘটিত হয় এক অঘটন । সামান্য কথাতে দুজনকৈ যুৱকক ছুৰীৰে উপৰ্যুপৰি আক্ৰমণ কৰে এজন যুৱকে (Man attacked with sharp weapon at Basistha) । অভিযুক্ত যুৱকজনৰ নাম পুতুল কলিতা বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, সোমবাৰে দুপৰীয়া ভাগত বশিষ্ঠ মন্দিৰৰ ভূতনাথ শ্মশান সমীপতে থকা এটা ঘৰত বহি কথা পাতি আছিল তিনি যুৱকে ৷ কিন্তু হঠাৎ যুৱক তিনিওৰে মাজত কথাৰ কটাকটি হয় ৷ খঙৰ ভমকত পুতুল কলিতা নামৰ যুৱকজনে ছুৰীৰে আক্ৰমণ কৰে কৃষ্ণন সিং নামৰ এজন যুৱকক ৷

তেনে সময়তে কৃষ্ণনক বচাবলৈ প্ৰভাত সিং নামৰ আন এজন যুৱক আহে ৷ তেতিয়া অভিযুক্ত পুতুল কলিতাই কৃষ্ণন সিঙৰ লগতে প্ৰভাত সিঙকো ছুৰীৰে আক্ৰমণ কৰি উক্ত স্থানৰ পৰা পলাই যায় ৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, পুতুল কলিতাৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় কৃষ্ণন আৰু প্ৰভাত ৷ পৰৱৰ্তী সময়ত স্থানীয় লোকৰ তৎপৰতাত আহত দুয়োকে ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত ৷

তথ্য অনুসৰি, প্ৰভাত সিং সংকটমুক্ত যদিও কৃষ্ণন সিং হাস্পতালৰ ICU ত জীৱন মৃত্যুৰ সৈতে যুঁজ দি আছে ৷ ইফালে ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষী অৱগত কৰা হয় ৷ বশিষ্ঠ আৰক্ষী ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে অভিযুক্ত যুৱকজনক বিচাৰি অভিযান তীব্ৰতৰ কৰিছে ।

লগতে পঢ়ক : AEC Students Killed in Road Mishap: নিমিষতে ছাৰখাৰ হ’ল কৌশিকৰ পৰিয়ালৰ সপোন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.