Barpeta bandh: শনিবাৰে ১২ ঘণ্টীয়া বৰপেটা বন্ধৰ আহ্বান

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 3:52 PM IST

thumbnail

বৰপেটা,১ ছেপ্টেম্বৰ: শনিবাৰে ১২ ঘণ্টীয়া বৰপেটা জিলা বন্ধৰ আহ্বান ছাত্ৰসন্থাৰ ৷ বজালী জিলা গঠনৰ নামত বৰপেটা জিলাক খণ্ডিত কৰাৰ প্ৰতিবাদত শনিবাৰে ১২ ঘণ্টীয়া বৰপেটা জিলা বন্ধৰ আহ্বান সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাৰ ৷ শুকুৰবাৰে এখন সংবাদমেলযোগে এই বন্ধৰ আহ্বান আছুসহ কেবাটাও দল-সংগঠনৰ ৷  

বৰপেটাৰ শ্বহীদ ভৱনত আয়োজিত সংবাদমেলযোগে পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ সৰ্বাত্মক বৰপেটা জিলা বন্ধৰ আহ্বান আছুসহ একাধিক দল-সংগঠনৰ ৷ উল্লেখ্য যে শেহতীয়াভাৱে ৰাজ্য চৰকাৰে নতুন জিলা গঠনৰ নামত বৰপেটা জিলাৰ সৰভোগ, বৰপেটা ৰোড, হাউলী আদি অঞ্চল বজালী জিলাৰ লগত চামিল কৰিছে ৷ ইয়াৰ প্ৰতিবাদতে বিগত দিনসমূহত বৰপেটা জিলাবাসীয়ে ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ৷ তথাপিও চৰকাৰৰ গা-নলৰাত এই বন্ধৰ আহ্বান জনাইছে আছুসহ অন্যান্য দল-সংগঠনে ।  

লগতে পঢ়ক: Lurinjyoti Gogoi on Silsako eviction; গাৰ কাপোৰ খুলি খিলঞ্জীয়া মহিলাৰ প্ৰতিবাদ; ক্ষোভ প্ৰকাশ লুৰীণজ্যোতিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.