ETV Bharat / state

Lurinjyoti Gogoi on Silsako eviction; গাৰ কাপোৰ খুলি খিলঞ্জীয়া মহিলাৰ প্ৰতিবাদ; ক্ষোভ প্ৰকাশ লুৰীণজ্যোতিৰ

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 2:26 PM IST

গুৱাহাটীৰ শিলসাঁকোত অভাৱনীয় পৰিস্থিতি । পুনৰ উচ্ছেদ অভিযান চলিল শিলসাঁকোত ৷ অৰ্ধ উলংগ হৈ উচ্ছেদিত মহিলাই কৰিলে প্ৰতিবাদ ৷ এই ঘটনাক লৈ এতিয়া লজ্জিত প্ৰতিজন অসমবাসী ৷ এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।

Lurinjyoti Gogoi reacts on Silsako eviction
শিলসাঁকোৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

শিলসাঁকোৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

গুৱাহাটী, ১ ছেপ্তেম্বৰ : গুৱাহাটীৰ শিলসাঁকোত শুকুৰবাৰে পুৱাই সৃষ্টি হ’ল অভাৱনীয় পৰিস্থিতিৰ । প্ৰশাসনে উচ্ছেদ অভিযান চলাবলৈ আহি সন্মুখীন হ’ল বাধাৰ । নিজৰ ঘৰখন ৰক্ষাৰ স্বাৰ্থত আৰক্ষী-প্ৰশাসনক উচ্ছেদৰ পৰা বাধা দিয়াৰ বাবে একাংশ মহিলা প্ৰতিবাদকাৰীয়ে অর্ধ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

দেহৰ কাপোৰ খুলি আৰক্ষী-প্ৰশাসনক বাধাৰ চেষ্টা একাংশ মহিলা প্ৰতিবাদকাৰীয়ে । ফলত পৰিস্থিতি উত্তপ্ত হৈ পৰে । আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰতিবাদকাৰীসকলক টানি চোঁচৰাই লৈ যায় । এই ঘটনাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ভেঁটি ৰক্ষাৰ স্বাৰ্থত মহিলাই অৰ্ধ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰিব লগীয়া হোৱা ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।

তেওঁ কয়, ‘‘এই ঘটনাত আমি স্তম্ভিত হৈছো আৰু গভীৰ লজ্জা অনুভৱ কৰিছো । অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে নাৰীয়ে নিজৰ আৱৰণ খুলি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে । বিজেপিয়ে অন্যায়-অবিচাৰে এনে এটা পৰ্যায় পালেগৈ যে নাৰীয়ে নিজৰ কাপোৰ দলিয়াই প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে’’ ।

লগতে পঢ়ক : Eviction at Silsako : ‘‘হয় গুলীয়াই মাৰক, নহ'লে নিজেই পেট্ৰ’ল ঢালি মৰিম’’; প্ৰতিবাদকাৰীৰ ভাবুকি

এই ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰি তেওঁ কয়, ‘‘বিজেপিৰ কাৰ্যকালত খোদ তেওঁলোকৰ কাৰ্যালয়ত মহিলা সুৰক্ষিত নহয় । যি সময়ত আঠ লাখ লোক ভূমিহীন হৈ থাকিবলগীয়া হৈছে, সেই সময়ত চৰকাৰে ৰামদেৱক লাখ লাখ ভূমি পামখেতিৰ বাবে দিছে । অসমৰ ৰাইজৰ দুখ-দুৰ্দশাৰ কথা মুখ্যমন্ত্ৰীৰ পৰিয়ালে উপলব্ধি কৰিব নোৱাৰিব’’ ৷

তেওঁ কয়, ‘‘যদি মুখ্যমন্ত্ৰীৰ পত্নীয়ে মাটি বেদখল কৰিব পাৰে, তেন্তে প্ৰথমে সেই মাটি বেদখলমুক্ত কৰক । ৰামদেৱক মাটি দিব পৰা চৰকাৰখনে ভূমিহীন খিলঞ্জীয়া লোকক মাটি দিয়াৰ ব্যৱস্থা কৰক’’ । তেওঁ আৰু কয়, ‘‘কৰায়ত্ত কৰা প্ৰতিবাদকাৰীসকলক শীঘ্ৰে মুক্তি দিয়ক’’ ।

শিলসাঁকোৰ ঘটনাত অসমবাসী লজ্জানত হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে, চৰকাৰৰ অন্যায়ৰ বাবে আজি নাৰীসকলে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে ৷

লগতে পঢ়ক : Protest over Silsako eviction: ঘৰখন বচাব লাগে; শিলসাঁকোৰ উচ্ছেদে অৰ্ধ নগ্ন হ’বলৈ বাধ্য কৰিলে মহিলাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.