Assamese Youth Abducted: মেৰাপানী সীমান্তৰ পৰা অসমীয়া যুৱকক অপহৰণ নগা দুৰ্বৃত্তৰ

By

Published : Aug 8, 2023, 9:37 PM IST

thumbnail

মেৰাপানী, ৮ আগষ্ট: অসম-নাগালেণ্ড সীন্তৰ মেৰাপানীৰ অসমীয়া গাঁৱত নগা দুৰ্বৃত্তৰ আগ্ৰাসন কিম্বা উপদ্ৰৱ কোনো নতুন কথা নহয় ৷ এইবাৰ অসমৰ যুৱকক অপসৰণ নগা আগ্ৰাসীৰ ৷ ইয়াকে কেন্দ্ৰ কৰি মেৰাপানী সীমান্তত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ৷  

উল্লেখ্য যে মেৰাপানী সীমান্তৰ তৰাণি ইন্দ্ৰপুৰৰ বাবু গগৈ নামৰ এজন যুৱকক মঙলবাৰে অপহৰণ কৰি কোনো নগা দুৰ্বৃত্তই ৷ ঘটনাক লৈ অঞ্চলটোত উত্তেজনা বৃদ্ধি পোৱাৰ লগে লগে পৰিস্থিতি অৱনতি হোৱাৰ আশংকাত মোতায়েন কৰা হৈছে চিআৰপিএফ জোৱান আৰু আৰক্ষী ৷  

যুৱকজনৰ মাতৃয়ে সদৰী কৰা অনুসৰি নগা দুৰ্বৃত্তই অঞ্চলটোত বিচৰণ কৰি থকা এটা পশুধন দাৰে কটাৰ চেষ্টা চলায় ৷ এই কাৰ্যক বাধা দিয়াৰ চেষ্টা কৰিছিল বাবু গগৈ নামৰ যুৱকজনে ৷ ইয়াৰ পাচতেই বাবু গগৈক মাৰপিট কৰি বলপূৰ্বকভাৱে উঠাই লৈ যায় এটা প্ৰায় 7 জনীয়া দুৰ্বৃত্তৰ দলে ৷ এই ঘটনাই এতিয়া অঞ্চলটোত সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ ইফালে, বৰ্তমানলৈকে যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷

লগতে পঢ়ক: Naga aggression at Merapani: অসমৰ বেদখলকৃত ভূমিত অগ্নিসংযোগ নগা দুৰ্বৃত্তৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.