AASU session in Udalguri: যিয়ে ৰাইজক মূৰ্খ বুলি কৈছে তেওঁ নিজেই মূৰ্খ; নয়ন নীলিম

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 9:38 PM IST

thumbnail

ওদালগুৰি, ৩ নৱেম্বৰ: কলাইগাঁৱত শুকুৰবাৰে ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ দ্বিতীয় বাৰ্ষিক অধিবেশনৰ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অভিনেতা নয়ন নীলিমে । আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ দ্বিতীয় কলাইগাঁও অধিবেশন । আজি প্ৰথম দিনাৰ কাৰ্যসূচীৰ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি অভিনেতা নয়ন নীলিমে ৰাঘৱ সন্দৰ্ভত মন্তব্য় আগবঢ়ায় । 

ৰাঘৱ বিতৰ্ক সন্দৰ্ভত অভিনেতা নয়ন নীলিমে কয় যে যিয়ে ৰাইজক মূৰ্খ বুলি কৈছে তেওঁ নিজেই মূৰ্খ । কাৰণ ৰাইজৰ ওপৰত কোনো নহয় । উল্লেখ্য় যে এদিন পূৰ্বে অভিনেতা ৰাগ ঐনিতমে ৰাঘৱ প্ৰসংগত ৰাইজক মূৰ্খ বুলি মন্তব্য কৰিছিল ।

এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে জিলাৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলৰ লগতে কলাইগাঁও অঞ্চলৰ ৰাইজ । ইপিনে, কাইলৈ দ্বিতীয় দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আছুৰ মুখ্য় উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে আমন্ত্ৰিত অতিথিসকল ।

লগতে পঢ়কChina War witness passes away : ১৯৬২ৰ চীনা যুদ্ধৰ সাক্ষী মহেন্দ্ৰ নাথ হাজৰিকাৰ বিয়োগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.