China War witness passes away : ১৯৬২ৰ চীনা যুদ্ধৰ সাক্ষী মহেন্দ্ৰ নাথ হাজৰিকাৰ বিয়োগ

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 8:01 PM IST

thumbnail

তেজপুৰ, ৩ অক্টোবৰ : ১৯৬২ চনৰ চীনা যুদ্ধৰ সাক্ষী মহেন্দ্ৰ নাথ হাজৰিকা আৰু নাই । তেজপুৰ মাজগাঁও তামুলী চুবুৰীৰ জ্যোতিপ্ৰসাদ আগৰৱালা পথৰ নিবাসী মহেন্দ্ৰ নাথ হাজৰিকা অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল । বৃক্ষ ৰোপণৰ বাবে তেওঁ সকলোৰে মাজত পৰিচিত । বহুতো বকুল পুলি ৰুই তেওঁ বৃক্ষ প্ৰীতিৰ পৰিচয় দাঙি ধৰিছিল । ৯২ বছৰ বয়সত শুকুৰবাৰে পুৱা ৪ বজাত নিজ বাসভৱনতে তেওঁ  শেষ নিশ্বাস ত্য়াগ কৰে ।  

তেওঁ চীনা যুদ্ধৰ সময়ত বৰ্তমানৰ অৰুণাচল প্ৰদেশত কৰ্মৰত হৈ থকাৰ সময়তে বুমলা আৰু কাষৰীয়া অঞ্চলত সেনাৰ লগতে স্থানীয় লোকক স্থানান্তৰ কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল । ইতিমধ্যে এইগৰাকী ব্যক্তিৰ সেই সময়ৰ ঘটনাৰ ওপৰত তেওঁ গ্ৰন্থ প্ৰকাশ কৰিছে । তেওঁ সেই যুদ্ধৰ সময়ত খোজ কাঢ়ি গৈ টাৱাং জিলাৰ বুমলা পাইছিল ।  

তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাই তেওঁৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰিছে । হাজৰিকাই তেওঁৰ অৱসৰৰ পিছত বহুতো লেখনিৰে অসমৰ ৰাইজক চীনা যুদ্ধৰ বিষয়ে অৱগত কৰিছে । তেওঁৰ মৃত্যুত তেজপুৰৰৰ অৰুণাচল প্ৰদেশ চৰকাৰী পেন্সনাৰ সন্থাই শোকপ্ৰকাশ কৰিছে ।

লগতে পঢ়ক:BJP-AGP conflict: বিজেপিয়ে গ্ৰাস কৰা অগপৰ বিৰোধ কৰাৰ ক্ষমতা নাই : ৰিপুণ বৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.