National Sqay Martial Arts Championships: পাঁচটাকৈ পদক অৰ্জনেৰে অসমলৈ গৌৰৱ কঢ়িয়ালে মৰাণৰ প্ৰণীতাই

By

Published : Feb 8, 2023, 7:47 AM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

ডিব্ৰুগড়, 8 জানুৱাৰী: পাঁচটা পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে মৰাণৰ প্ৰণীতাই ৷ প্ৰণীতা চুতীয়াৰ লগতে তেওঁৰ দুগৰাকী শিক্ষাৰ্থী ৰিংকু চুতীয়া আৰু পাৰ্থ চুতীয়াইও লাভ কৰিছে দুটাকৈ পদক ৷ উল্লেখ্য যে, উত্তৰাখণ্ডৰ ৰুৰকীত অনুষ্ঠিত হৈছিল ২৩ সংখ্যক National SQAY Martial art Championship (National Sqay Championship held in Uttarakhand) ৷

এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মৰাণৰ ৰাইদঙীয়া গাঁৱৰ প্ৰতিভাৱান খেলুৱৈ প্ৰণীতা আৰু তেওঁৰ দুগৰাকী শিক্ষাৰ্থীয়ে অসমলৈ গৌৰৱ আঁজুৰি আনিবলৈ সক্ষম হৈছে (Assam girl Pranita Win 5 Medals in Sqay Championship) ৷

খেলুৱৈকেইগৰাকী মঙলবাৰে মৰাণত উপস্থিত হোৱাৰ পাছতে মৰাণবাসীৰ লগতে গাঁওবাসীয়ে বীৰোচিত আদৰণি জনাই খেলুৱৈ কেইগৰাকীক ৷ মৰাণ নগৰৰ পৰা আদৰি নিয়াৰ লগতে ফটিকাচোৱা চকলীয়াৰ চন্দনপুৰ নামঘৰত খেলুৱৈ প্ৰণীতাৰ লগতে তেওঁৰ দুয়োগৰাকী শিক্ষাৰ্থীক সম্বৰ্দ্ধনা জ্ঞাপন কৰে (Pranita Win 5 Medals in NSMAC) ৷

উল্লেখ্য মৰাণৰ ৰাইদঙীয়া গাঁৱৰ প্ৰতিভাৱান খেলুৱৈ প্ৰণীতাক ফেচবুকত আলফা (স্বাধীন) সম্পৰ্কত কৰা এটা পোষ্টৰ বাবে চৰাইদেউ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল ৷ শিৱসাগৰ জিলা কাৰাগাৰত ৪৭ দিন কটাই মুক্তি লাভ কৰাৰ পাছতে গুৱাহাটীত অনুষ্ঠিত আন্তঃজিলা ঊশ্বু প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল প্ৰণীতাই (Pranita won medals for Assam)।

ঊশ্বু, বক্সিং তথা মাৰ্চিয়েল আৰ্টৰ খেলুৱৈ প্ৰণীতা চুতীয়াই গাঁৱতে এটা প্ৰশিক্ষণ কেন্দ্ৰ খুলি দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ৷ উত্তৰাখণ্ডত National SQAY Martial art Championship-ত বিভিন্ন শাখাত পাঁচটাকৈ ৰূপৰ পদক লাভ কৰা প্ৰণীতাৰ লগতে দুটাকৈ ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা প্ৰণীতাৰ দুই শিক্ষাৰ্থীৰ সাফল্যত গৌৰৱাম্বিত মৰাণবাসী ৷

খেলুৱৈ প্ৰণীতা চুতীয়াই এই সন্দৰ্ভত কয়, "মোৰ গাঁৱৰ ল’ৰা-ছোৱালীসকলকো মোৰ সমানেই আগুৱাই লৈ যাব বিচাৰো ৷ ভৱিষ্যতে মোৰ দ্বাৰা প্ৰশিক্ষণ লোৱা ছাত্ৰ-ছাত্ৰীয়ে যাতে আৰু অধিক সফলতা লাভ কৰে তাৰেই কামনা কৰো ৷"

লগতে পঢ়ক: Gymnast Deepa Karmakar banned by the ITA : আপত্তিজনক দ্ৰব্য সেৱনৰ বাবে নিষিদ্ধ ঘোষণা দীপা কৰ্মকাৰক

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.