ETV Bharat / sports

Gymnast Deepa Karmakar banned by the ITA : আপত্তিজনক দ্ৰব্য সেৱনৰ বাবে নিষিদ্ধ ঘোষণা দীপা কৰ্মকাৰক

author img

By

Published : Feb 5, 2023, 1:58 PM IST

Updated : Feb 7, 2023, 2:51 PM IST

নিষিদ্ধ ঘোষণা হ’ল জিমনাষ্ট দীপা কৰ্মকাৰ (Gymnast Deepa Karmakar banned by the ITA) ৷ অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী ভাৰতীয় জিমনাষ্ট আছিল দীপা কৰ্মকাৰ ৷

Gymnast Deepa Karmakar banned
নিষিদ্ধ ঘোষণা দীপা কৰ্মকাৰক

স্পৰ্টছ ডেস্ক, 5 ফেব্ৰুৱাৰী : ক্ৰীড়া জগতৰ বাবে দুখৰ খবৰ ৷ নিষিদ্ধ হ’ল আন্তৰ্জাতিক খ্যাতিসম্পন্ন জিমনাষ্ট দীপা কৰ্মকাৰ ৷ দেশক প্রথমবাৰৰ বাবে অলিম্পিকত প্রতিনিধিত্ব কৰা জিমনাষ্ট দীপা কৰ্মকাৰক আন্তর্জাতিক টেষ্টিং এজেন্সীয়ে নিষেধাজ্ঞা আৰোপ কৰিছে ৷ জিমনাষ্ট দীপা কৰ্মকাৰক নিষিদ্ধ দ্ৰব্য সেৱনৰ বাবে 21 মাহৰ নিষেধাজ্ঞা আৰোপ কৰিছে এজেন্সীটোৱে । আই টি এয়ে দীপাক হাইজেনামিন সেৱনৰ অপৰাধত দোষী সাব্যস্ত কৰে (Gymnast Deepa Karmakar banned by the ITA)। এই নিষেধাজ্ঞা ২০২৩ চনৰ ১০ জুলাইলৈকে দীপা কৰ্মকাৰৰ ওপৰত জাৰি কৰা হৈছে বুলি জানিবলৈ পৰা গৈছে (International Testing Agency) ।

আন্তর্জাতিক টেষ্টিং এজেন্সীৰ এই সিদ্ধান্ত মানি লৈছে জিমনাষ্ট দীপা কৰ্মকাৰে । আন্তর্জাতিক টেষ্টিং এজেন্সীৰ সিদ্ধান্তৰ বিষয়ে অৱগত হোৱা পিচতে জিমনাষ্টগৰাকীয়ে এক টুইটযোগে কয় যে, নিজে গম নোপোৱাকৈহে জিমনাষ্টগৰাকীয়ে নিষিদ্ধ পদাৰ্থ সেৱন কৰিছে । গম পোৱা হ’লে এই ভুলটো তেওঁ নকৰিলেহেঁতেন বুলি উল্লেখ কৰে জিমনাষ্টগৰাকীয়ে । কৰ্মকাৰৰ ড’প টেষ্টৰ নমুনা আই টি এয়ে গ্ৰহণ কৰাৰ সময়ত তেওঁ কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাছিল ।

বিষয়টো শীঘ্ৰে নিষ্পত্তি কৰিবলৈ অস্থায়ী নিষিদ্ধকৰণৰ সিদ্ধান্ত মানি লৈছে বুলি ভাৰতীয় জিমনাষ্ট দীপা কৰ্মকাৰে জানিবলৈ দিয়ে । বিষয়টো সন্দৰ্ভত কৰ্মকাৰে অধিক জানিবলৈ দি কয় যে, তেওঁ অজানিতে নিষিদ্ধ পদাৰ্থ Higenamine (S3 Beta 2) সেৱন কৰিছিল ৷ যিটো বিশ্ব এণ্টি ডপিং এজেন্সীৰ নিষিদ্ধ তালিকাত আছে । দীপাই টুইটটোত পুনৰ উল্লেখ কৰে, "মই অজানিতে হাইগেনামাইন খাইছিলো আৰু ইয়াৰ উৎস কি আছিল মই নাজানো ।"

চলিত বৰ্ষৰ ১০ জুলাইত শেষ হ’ব কৰ্মকাৰৰ নিষেধাজ্ঞা । ২০২১ চনৰ ১১ অক্টোবৰত তেওঁৰ নমুনা লোৱা হৈছিল । নিষেধাজ্ঞাৰ সময় তেতিয়াৰ পৰাই জাৰি কৰা হৈছিল বুলি জানিবলৈ পৰা গৈছে ৷ উল্লেখ্য যে, শাস্তিমূলক এই নিলম্বন তিনি মাহৰ বাবে কমোৱা হৈছে বুলি খেলুৱৈগৰাকীয়ে জানিবলৈ দিয়ে ৷ ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত ভল্টত চতুৰ্থ স্থান দখল কৰা কৰ্মকাৰে ২০১৭ চনত অস্ত্ৰোপচাৰ কৰাৰ পিচৰে পৰা আঘাতৰ সৈতে যুঁজি আহিছে (Rio Olympics 2016)। তেওঁ শেষবাৰৰ বাবে ২০১৯ চনৰ বাকুত অনুষ্ঠিত বিশ্বকাপত অংশ লৈছিল ।

উল্লেখ্য যে, ত্ৰিপুৰাৰ বাসিন্দা দীপা কৰ্মকাৰ ভাৰতৰ শীৰ্ষ পৰ্যায়ৰ এগৰাকী জিমনাষ্ট । এছিয়ান জিমনাষ্টিক চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰি সুনাম কঢ়িয়াবলৈ সক্ষম হোৱা দীপাই খেলৰ পথাৰখনলৈ উভতি আহি যাদু দেখুৱাবলৈ উদ্বাউল হৈ আছে বুলি টুইটাৰযোগে উল্লেখ কৰে । ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত চতুৰ্থ স্থান লাভ কৰে জিমনাষ্টগৰাকীয়ে । ২০১৮ চনত তুৰস্কৰ মাৰ্চিনত অনুষ্ঠিত হোৱা এফ আই জি আৰ্টিষ্টিক জিমনাষ্টিকছ ৱৰ্ল্ড চেলেঞ্জ কাপৰ ভল্ট প্ৰতিযোগিতাত দীপাই দেশৰ হৈ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় । ভাৰতৰ প্ৰথমগৰাকী জিমনাষ্ট হিচাপে পৰিগণিত হয় দীপা কৰ্মকাৰ ।

লগতে পঢ়ক : G20 Summit in Assam: Y20 সন্মিলনলৈ যাব হোজাই জিলাৰ দুগৰাকী শিক্ষাৰ্থী

Last Updated : Feb 7, 2023, 2:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.