ETV Bharat / state

G20 Summit in Assam: Y20 সন্মিলনলৈ যাব হোজাই জিলাৰ দুগৰাকী শিক্ষাৰ্থী

author img

By

Published : Feb 5, 2023, 10:39 AM IST

7 ফেব্ৰুৱাৰীত আই আই টি গুৱাহাটীত অনুষ্ঠিত হ’ব G20 সন্মিলনৰ Y20 বৈঠক (G20 Summit in Assam) ৷ সন্মিলনৰ সৈতে সংগতি ৰাখি হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় (Debate competition in Rabindranath Tagore University) ৷ হোজাই জিলাৰ 2 গৰাকী শিক্ষাৰ্থী নিৰ্বাচিত Y20 সন্মিলনলৈ ৷

Hojai Celebrating India s G20 Presidency
জি ২০ সন্মিলনলৈ হোজাই জিলাৰ 2 গৰাকী শিক্ষাৰ্থী

জি ২০ সন্মিলনলৈ হোজাই জিলাৰ 2 গৰাকী শিক্ষাৰ্থী

হোজাই , 5 ফেব্ৰুৱাৰী : ভাৰতবৰ্ষৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া G20 আৰু Y20 (G20 Summit in Assam) সন্মিলনৰ সৈতে সংগতি ৰাখি হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ে কেন্দ্ৰীয়ভাৱে আয়োজন কৰিছে তৰ্ক প্ৰতিযোগিতাৰ ৷ দুদিনীয়াকৈ আয়োজন কৰা এই তৰ্ক প্ৰতিযোগিতাৰ বিষয় বস্তু হ’ল "Democratic Peace Building in North East India is an example of Successful Integration brought about by Democratic Institutions" ৷ অৰ্থাৎ ‘‘উত্তৰ-পূব ভাৰতত গণতান্ত্ৰিক শান্তি প্ৰতিষ্ঠাকৰণত গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহে কঢ়িয়াই একত্ৰীকৰণ সফল উদাহৰণ’’ ৷

3 আৰু 4 ফেব্ৰুৱাৰীত অনুষ্ঠিত হয় এই তৰ্ক প্ৰতিযোগিতাৰ (Debate competition in Rabindranath Tagore University) । তৰ্ক প্ৰতিযোগিতাখনিৰ উদ্বোধন কৰে হোজাইৰ অতিৰিক্ত উপ আয়ুক্ত মানস জ্যোতি নাথে ৷ জাগীৰোড মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক প্ৰীতম দলৈয়ে বিতৰ্ক প্ৰতিযোগিতাখনিত অধ্যক্ষ হিচাপে অংশগ্ৰহণ কৰে । উক্ত অনুষ্ঠানত ভাষণ প্ৰদান কৰে আৰ টি ইউৰ একাডেমিক পঞ্জীয়ক ড° অমৰ গৌতমে ।

হোজাইৰ বিভিন্ন বিদ্যালয় প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰে আৰু প্ৰতিযোগিতাখনিত শ্ৰেষ্ঠ ছাত্ৰ-ছাত্ৰী হিচাপে নিৰ্বাচিত হয় দুগৰাকী শিক্ষাৰ্থী ৷ তেওঁলোক দুজন ক্ৰমে হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ আবু চুফিয়ান আৰু হোজাইৰ এন এ এম চি ইৰ আফ্ৰিন হুছেইন (Hojai Celebrating India s G20 Presidency) ৷ দুয়োজন শিক্ষাৰ্থীয়ে Y20 শীৰ্ষক সন্মিলনত অংশগ্ৰহণৰ বাবে যোগ্যতা আৰ্জে তথা দুই প্ৰতিযোগীয়ে 7 ফেব্ৰুৱাৰীত গুৱাহাটীৰ আই আই টিত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত অংশগ্ৰহণ কৰিব (Y 20 summit in IIT Guwahati) ।

উল্লেখযোগ্য যে, ২০২৩ বৰ্ষৰ G20 শীৰ্ষক সন্মিলনত ভাৰতৰ অধ্যক্ষতা উদযাপনৰ বাবে বিশ্ববিদ্যালয়খনে ড৹ পি এছ প্ৰসাদক সভাপতি, ড৹ বিষ্ণুপ্ৰসাদ বাৰ্মাক সম্পাদক আৰু ড৹ দিজামণি শৰ্মাক সদস্য হিচাপে লৈ তিনিজনীয়া সমিতি গঠন কৰিছে । এই উপলক্ষে প্ৰদান কৰা ভাষণত Y20 Pre Event Celebration Committee ৰ সভাপতি ড৹ পি. প্ৰসাদে কয় যে, G20 ত দেশখনে অধ্যক্ষতা কৰিবলৈ পোৱাটো সন্মান আৰু গৌৰৱৰ বিষয় ৷ ইয়াৰ লগতে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা Y20 সন্মিলনত হোজাই জিলাৰ পৰা ২ গৰাকী ছাত্ৰ-ছাত্ৰী বাছনি হোৱাৰ লগতে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানত 7 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া G20 সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পোৱাটো এক গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে ।

লগতে পঢ়ক : TMPK Golden Jubilee 2023: টিএমপিকেৰ সোণালী জয়ন্তীত অংশ ল’ব বিশিষ্ট বিজ্ঞানী চনম ৱাংচুকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.