Rangia people severely affected by flood:কালৰূপী বানে ৰঙিয়াৰ উদিয়ানাত সংহাৰী ৰূপ ধাৰণ কৰিছে

By

Published : Jun 22, 2023, 8:19 PM IST

thumbnail

ৰঙিয়া, 22 জুন : কালৰূপী বানে ৰঙিয়াৰ উদিয়ানাত সংহাৰী ৰূপ ধাৰণ কৰিছে । বানত ডুব গৈছে অঞ্চলটোৰ ঘৰ-দুৱাৰ, বাট-পথ সকলো । কোনোৱে যদি বিচনাৰ ওপৰত বিচনা জোৰা দি আশ্ৰয় লৈছে, আন কোনোৱে আকৌ নিৰাপদ স্থানৰ সন্ধানত ঢাপলি মেলিছে ওখ স্থানলৈ ।

বৰলীয়া নৈৰ প্ৰলয়ংকাৰী বানত শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ বিনষ্ট হৈছে । বানত ককবকাই থকা দৰিদ্ৰ পৰিয়াল এতিয়া গৃহহাৰা হৈ পৰিছে । বিনষ্ট হৈছে কৃষিভূমি । মীন পালক সকলৰো বৃহৎ ক্ষতিসাধন হৈছে । যাৰ বাবে এতিয়া নানান সমস্যাত পৰিছে বানাক্ৰান্ত ৰাইজ । কি খাব, ক’ত থাকিব তাক লৈ চিন্তিত হৈ পৰিছে বন্যাৰ্তসকল । যাতায়ত কৰা পথত এতিয়া একাঠুৰ পৰা একঁকাল বান । বিপদসংকুল যাতায়ত কৰিছে বানাক্ৰান্তই । বিগত দুই দিনে বানত ককবকাই এতিয়া অঞ্চলটোত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ।

ৰাইজৰ ইমান দুখ-দুৰ্গতি দেখিও কোনো এজন জনপ্ৰতিনিধি উক্ত স্থানত উপস্থিত নোহোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় জনতা ৷ শীঘ্ৰেই সাহাৰ্য বিচাৰি দাবী জনাইছে তেওঁলোকে ৷

লগতে পঢ়ক : Landslide in Guwahati:মহানগৰীৰ ৩৯২টা ভূমিস্খলনপ্ৰৱণ এলেকাত কটাইছে বিপদসংকুল জীৱন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.