ETV Bharat / state

Landslide in Guwahati:মহানগৰীৰ ৩৯২টা ভূমিস্খলনপ্ৰৱণ এলেকাত কটাইছে বিপদসংকুল জীৱন

author img

By

Published : Jun 22, 2023, 6:08 PM IST

১৮ খন পাহাৰেৰে আগুৰি থকা গুৱাহাটী মহানগৰীৰ গৰিষ্ঠ সংখ্যক পাহাৰেই জনবসতিপূৰ্ণ । বছৰৰ পাছত বছৰ ধৰি গুৱাহাটীৰ পাহাৰসমূহত চলা অবৈধ খনন কাৰ্য আৰু অপৰিকল্পিত নিৰ্মাণৰ ফলত পাহাৰসমূহৰ ব্যাপক অবক্ষয় হৈছে । পাহাৰৰ স্পৰ্শকাতৰ অঞ্চলৰ বিষয়টো কোনটো বিভাগৰ অধীনত পৰে সেয়া স্বয়ং জিলা আয়ুক্তই নিশ্চিত নহয় ।

Illegal mining in hills of guwahati
গুৱাহাটীৰ পাহাৰসমূহত অবৈধ খনন

গুৱাহাটীৰ পাহাৰসমূহত অবৈধ খনন

গুৱাহাটী, ২২ জুন: বাৰিষা আৰম্ভ হোৱাৰ লগে লগেই মহানগৰীৰ বিভিন্ন স্থানত ভূমিস্খলন হৈ বিস্তৰ ক্ষতিসাধন হোৱাটো নতুন কথা নহয় । চলিত বাৰিষাতো মহানগৰীৰ কেইবাটাও স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে । এক কথাত ক'বলৈ গ'লে বাৰিষাৰ লগে লগে গুৱাহাটী মহানগৰীৰ একাংশ বাসিন্দাৰ নিদ্ৰাহৰণ হয় । লক্ষণীয় বিষয় যে সৰু -বৰ ১৮ খন পাহাৰেৰে আগুৰি থকা গুৱাহাটী মহানগৰীৰ গৰিষ্ঠ সংখ্যক পাহাৰেই জনবসতিপূৰ্ণ । বছৰৰ পাছত বছৰ ধৰি গুৱাহাটীৰ পাহাৰসমূহত চলা অবৈধ খনন কাৰ্য আৰু অপৰিকল্পিত নিৰ্মাণ কাৰ্যৰ ফলত পাহাৰসমূহৰ ব্যাপক অবক্ষয় হৈছে । যাৰ বাবেই এজাক বৰষুণ দিলেই পাহাৰসমূহে পানী বহন কৰিব নোৱাৰে । ফলত বৰষুণৰ পানীৰ সৈতে তললৈ নামি আহে পাহাৰৰ বোকা আৰু শিলাময় মাটি ।

গুৱাহাটীৰ ভয়াৱহ কৃত্রিম বানৰো অন্যতম এটা কাৰণ পাহাৰৰ অবক্ষয় । এজাক বৰষুণতে পাহাৰৰ মাটিৰে নলা-নৰ্দমাসমূহ পৰিপূৰ্ণ হৈ পৰে । পাহাৰসমূহৰ সংৰক্ষণৰ অভাৱতে প্ৰাকৃতিকভাৱে চহকী গুৱাহাটী মহানগৰীয়ে বৰ্তমান কৃত্রিম বানপানী আৰু ভূমিস্খলনৰ জটিল সমস্যাৰে যুঁজ দিবলগীয়া হৈছে । উল্লেখ্য যে কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটী মহানগৰীৰ ৩৯২টা এলেকা ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে চিহ্নিত কৰিছে । ভূমিস্খলন হ'ব পৰা বিপদজ্জনক পাহাৰীয়া এলেকাসমূহ হৈছে ফটাশিল, ভঙাগড়, গোটানগৰ, হেঙেৰাবাৰী, জালুকবাৰী, লংকেশ্বৰ, কাহিলীপাৰা, কালাপাহাৰ, খাৰঘূলি, কইনাধৰা, মালিগাঁও, নৱগ্রহ, নৰকাসুৰ, নাৰেংগী, নুনমাটি আদি ।

Illegal mining in hills of guwahati
গুৱাহাটীৰ পাহাৰসমূহত অবৈধ খনন

ইয়াৰ ভিতৰত চূণশালিৰ ৭৭টাকৈ স্থান, খাৰঘূলিৰ ৩৭ টা স্থান, শৰণীয়াৰ ৫টা স্থান, শান্তিপুৰৰ ২০টা স্থান বিপদজনক, নাৰেংগীৰ ৩১ টা স্থান, নুনমাটিৰ ৪০ টা স্থান, নৰকাসুৰৰ ১৪ টা স্থান, নৱগ্ৰহৰ ৬ টা স্থান, মালিগাঁৱৰ ৮ টা স্থান, কইনাধৰাৰ ৫ টা স্থান, খানাপাৰাৰ ৩৩ টা স্থান, কামাখ্যাৰ ৫ টা স্থান, কালাপাহাৰৰ ৭ টা স্থান, কাহিলীপাৰাৰ ২৫ টা স্থান, জালুকবাৰীৰ ২টা স্থান, হেঙেৰাবাৰীৰ ৩০ টা স্থান, গোটানগৰৰ ৬ টা স্থান, গড়ভঙাৰ ৯ টা স্থান, ফটাশিলত ৫ টা স্থান স্পৰ্শকাতৰ বুলি চিনাক্ত কৰা হৈছে । শেহতীয়াকৈ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ' কনফাৰেঞ্চ যোগে জিলা আয়ুক্ত সকলৰে সাম্ভাৱ্য বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ লোৱা প্ৰস্তুতি সন্দৰ্ভত বিশদভাৱে কৰা আলোচনাতো গুৱাহাটীৰ ভূমিস্খলনৰ প্ৰসংগ উত্থাপন হৈছিল ।

গুৱাহাটীৰ ভূমিস্খলনৰ প্ৰসংগত জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই মুখ্যমন্ত্রীক অৱগত কৰিছিল যে বিগত বৰ্ষত গুৱাহাটীত ৮৭ টা ভূমিস্খলন হৈছিল । বিগত বৰ্ষত ভূমিস্খলনৰ বাবে ৪টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছিল । আনহাতে, গুৱাহাটীত ৩৯২ টা ভূমিস্খলনপ্ৰৱণ এলেকা থকাৰ কথাও সদৰি কৰিছিল । এই বিপদ সংকুল এলেকাসমূহত বসবাস কৰা লোকসকল দৰিদ্ৰ আৰু যাৰ বাবে তেওঁলোকে সেই ঠাই এৰি যাব নিবিচাৰে । লক্ষণীয় বিষয় যে পাহাৰৰ এই স্পৰ্শকাতৰ অঞ্চলৰ বিষয়টো কোনটো বিভাগৰ অধীনত পৰে সেয়া নিশ্চিত নহয় । আনকি এই কথা উপায়ুক্ত ঝাই মুখ্যমন্ত্রীক অৱগত কৰিছিল । এক কথাত ক'বলৈ গ'লে বিপদজনক পৰিস্থিতিত বসবাস কৰা এই লোকসকলৰ ভৱিষ্যত কি হ'ব তাক লৈ কোনো এটা চৰকাৰী বিভাগৰ কোনো দায়িত্ব নাই ।

গুৱাহাটীৰ পাহাৰীয়া অঞ্চলৰ এই জটিল সমস্যা সন্দৰ্ভত ই টি ভি ভাৰতৰ তৰফৰ পৰা ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰবীণজ্যোতি কলিতাৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল । সাক্ষাৎকাৰত তেওঁ কয় যে বাৰিষা আহিলে চৰকাৰ তথা প্ৰশাসনৰ পাহাৰত বিপদ সংকুল অৱস্থাত বসবাস কৰা লোকসকলৰ কথা মনত পৰে । আজিৰ এই পৰিস্থিতি এদিনতে হোৱা নাই । চৰকাৰৰ অবহেলাৰ বাবেই আজিৰ এই পৰিস্থিতিৰ উদ্ভৱ হৈছে । গুৱাহাটীৰ ১৮ খন পাহাৰৰ ভিতৰত ১৫ খনতে ভূমিস্খলনপ্ৰৱণ এলেকা আছে । নিয়মমাফিক প্ৰশাসনে পাহাৰৰ মাটি কটাত নিষেধাজ্ঞা আৰোপ কৰে যদিও কাৰ্যতঃ এয়া ৰোধ হোৱা নাই । বৰং চৰকাৰেই পাহাৰৰ মাটি কাটি আছে বুলি তেওঁ অভিযোগ কৰে । তেওঁ লগতে কয় যে গুৱাহাটীৰ পাহাৰ অঞ্চলত ৭০ হাজাৰৰো অধিক পৰিয়ালে বাস কৰে । ইফালে, চৰকাৰেই সমস্যাসমূহ জীয়াই ৰাখি ৰাজনীতি কৰি আহিছে বুলি তেওঁ অভিযোগ কৰে ।

লগতে পঢ়ক:AJYCP Protest in Morigaon: মণিপুৰ চৰকাৰ ভংগ কৰি ৰাষ্ট্ৰপতি শাসনৰ দাবী AJYCP ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.