হাজং ছাত্র সন্থাৰ ত্ৰি-বাৰ্ষিক অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্রাত উখল-মাখল লখিমপুৰ

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 3:41 PM IST

thumbnail

লখিমপুৰ, ১৭ ডিচেম্বৰ : হাজংসকলৰ কৃষ্টি-সংস্কৃতিৰে মুখৰ হ'ল লখিমপুৰ । সদৌ অসম হাজং ছাত্র সন্থাৰ একাদশ ত্ৰিবাৰ্ষিক অধিৱেশন আৰু হাজং জাতীয় ঐক্য মঞ্চ আৰু সদৌ অসম হাজং মহিলা সমিতিৰ যৌথ অধিৱেশন উপলক্ষে লখিমপুৰত দেওবাৰে উলিওৱা হয় সাংস্কৃতিক শোভাযাত্রা । যোৱা ১৫ ডিচেম্বৰৰ পৰা নগৰৰ ত্যাগ ক্ষেত্রত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অধিবেশনৰ দেওবাৰে অন্তিম দিনাৰ অন্যতম কাৰ্যসূচী হৈছে সাংস্কৃতিক শোভাযাত্রা ।  

হাজং সকলৰ পৰম্পৰাগত সাজ সজ্জা, নৃত্য গীতেৰে মূখৰ হৈ পৰে  লখিমপুৰ । উল্লেখ্য় যে এই অধিৱেশনৰ আজি অন্তিম দিনা মুকলি সভা, সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে । অন্তিম দিনাৰ কাৰ্যসূচীত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা, জিলা আয়ুক্তৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচার্য, সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক আদিত্য খাকলাৰী উপস্থিত থাকিব ।

লগতে পঢ়ক:শুকুৰবাৰৰ পৰা লখিমপুৰৰ ত্যাগ ক্ষেত্রত সদৌ অসম হাজং ছাত্র সন্থাৰ একাদশ ত্ৰি-বাৰ্ষিক অধিৱেশন আৰম্ভ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.