ETV Bharat / state

শুকুৰবাৰৰ পৰা লখিমপুৰৰ ত্যাগ ক্ষেত্রত সদৌ অসম হাজং ছাত্র সন্থাৰ একাদশ ত্ৰি-বাৰ্ষিক অধিৱেশন আৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 2:02 PM IST

Updated : Dec 16, 2023, 2:30 PM IST

All Assam Hajong Students Union annual Session held in Lakhimpur
লখিমপুৰৰ ত্যাগ ক্ষেত্রত সদৌ অসম হাজং ছাত্র সন্থাৰ একাদশ ত্ৰি বাৰ্ষিক অধিৱেশন আৰম্ভ

শুকুৰবাৰৰ পৰা লখিমপুৰৰ ত্যাগ ক্ষেত্রত আৰম্ভ হৈছে সদৌ অসম হাজং ছাত্র সন্থাৰ একাদশ ত্ৰি-বাৰ্ষিক অধিৱেশন (All Assam Hajong Student Union) ৷ পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ কাৰ্যসূচীৰে অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী আৰম্ভ হৈছে (annual Session of All Assam Hajong Students Union) ৷

লখিমপুৰৰ ত্যাগ ক্ষেত্রত সদৌ অসম হাজং ছাত্র সন্থাৰ একাদশ ত্ৰি বাৰ্ষিক অধিৱেশন আৰম্ভ

লখিমপুৰ, 16 ডিচেম্বৰ : সদৌ অসম হাজং ছাত্র সন্থাৰ একাদশ ত্ৰি-বাৰ্ষিক অধিৱেশনৰ লগতে হাজং জাতীয় ঐক্য মঞ্চ আৰু সদৌ অসম হাজং মহিলা সমিতিৰ অধিৱেশনক লৈ শুকুৰবাৰৰ পৰা উদুলি-মুদুলি পৰিৱেশ লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত ৷

উল্লেখ্য যে, তিনিদিনীয়াকৈ অনুষ্ঠিত অধিৱশনৰ আজি দ্বিতীয় দিন ৷ অধিৱেশনৰ দ্বিতীয় দিনা পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হয় ৷ বিয়লিৰ ভাগত আলোচনা চক্ৰ, প্ৰতিনিধিৰ বৈঠকৰ লগতে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ’ব বুলিও জানিব পৰা গৈছে ৷

আনহাতে অধিৱেশনৰ তৃতীয় দিনৰ কাৰ্যসূচী হিচাপে দেওবাৰে সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভাৰ লগতে সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীৰে অধিৱেশনৰ সামৰণি পৰিব ৷ অন্তিম দিনাৰ কাৰ্যসূচীত মন্ত্ৰী ডাঃ ৰণোজ পেগু, বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা, জিলা আয়ুক্তৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচার্য, সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক আদিত্য খাকলাৰী আৰু বিভিন্ন জাতি-জনগোষ্ঠীয় ছাত্ৰ সন্থাৰ বিষয় ববীয়াসকল অধিৱেশনৰ দিনা উপস্থিত থাকিব বুলি জানিবলৈ দিছে সদৌ অসম হাজং ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ হাজঙে ৷

শুকুৰবাৰৰ পৰা লখিমপুৰৰ ত্যাগ ক্ষেত্রত আৰম্ভ হোৱা সদৌ অসম হাজং ছাত্র সন্থাৰ একাদশ ত্ৰি-বাৰ্ষিক অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে মূল তোৰণ মুকলি, মূল মঞ্চ আৰু মণ্ডপ মুকলি, অতিথি গৃহ মুকলি, হাজং ছাত্র সন্থাৰ কেন্দ্রীয় কাৰ্যনিৰ্বাহ সভা, হাজং জাতীয় ঐক্য মঞ্চ আৰু সদৌ অসম হাজং মহিলা মহিলা সমিতিৰ কেন্দ্রীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । এই কাৰ্যসূচীসমূহত ক্ষীতিশ হাজং, অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি পৰমানন্দ হাজং, উপ-সভাপতি গমন হাজং, চিলাৰাণী হাজং, ৰূপালী হাজঙৰ লগতে কেইবাজনো সংগঠনটোৰ বিষয় ববীয়াই অংশগ্রহণ কৰে।

লগতে পঢ়ক : লখিমপুৰত সদৌ ভাৰত গ্ৰামীণ ডাক কৰ্মচাৰী সন্থাৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী

Last Updated :Dec 16, 2023, 2:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.