ETV Bharat / state

লখিমপুৰত সদৌ ভাৰত গ্ৰামীণ ডাক কৰ্মচাৰী সন্থাৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী

author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 2:41 PM IST

All India Rural Postal Employees Association protest: যোৱা 12 ডিচেম্বৰৰ পৰা সমগ্ৰ দেশজুৰি সদৌ ভাৰত গ্ৰামীণ ডাক কৰ্মচাৰী সন্থাই অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী হাতত লৈছে । লখিমপুৰ ডাক উপ-সংমণ্ডলৰ কাৰ্যালয়ত 11 টা দাবী উত্থাপন কৰি অনিৰ্দিষ্টকালীনভাৱে কৰ্মচাৰীসকলে ধৰ্মঘট কাৰ্যসূচী হাতত লৈছে ৷

All India Rural Postal Employees Association
লখিমপুৰত সদৌ ভাৰত গ্ৰামীণ ডাক কৰ্মচাৰী সন্থাৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী

লখিমপুৰত সদৌ ভাৰত গ্ৰামীণ ডাক কৰ্মচাৰী সন্থাৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী

লখিমপুৰ, 15 ডিচেম্বৰ : শুকুৰবাৰে লখিমপুৰ জিলাত সদৌ ভাৰত গ্ৰামীণ ডাক কৰ্মচাৰী সন্থাৰ সদস্যসকলে অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । যোৱা 12 ডিচেম্বৰৰ পৰা সমগ্ৰ দেশজুৰি সদৌ ভাৰত গ্ৰামীণ ডাক কৰ্মচাৰী সন্থাই অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী হাতত লৈছে । 11 টা দাবী উত্থাপন কৰি অনিৰ্দিষ্টকালীনভাৱে কৰ্মচাৰীসকলে ধৰ্মঘট কাৰ্যসূচী হাতত লৈছে ৷

লখিমপুৰ ডাক উপ-সংমণ্ডলৰ কাৰ্যালয়ত কৰ্মচাৰীসকলে ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় যে, গ্ৰামীণ ডাক কৰ্মচাৰীসকলে দীর্ঘদিন ধৰি সামান্য পাৰিতোষিকত কাম কৰিবলগীয়া হৈছে। তেওঁলোকক যি সামান্য পাৰিতোষিক দিয়ে তাৰে এটা পৰিয়াল চলোৱাটো সম্ভৱ নহয়। আনহাতে অৱসৰকালতো তেওঁলোকক মাথো 50 হাজাৰ ধন প্ৰদান কৰিয়েই অৱসৰ দিয়া হয় ৷ গোটেই বছৰটোত ছুটী নাপায় কৰ্মচাৰীসকলে ৷

প্ৰতিবাদকাৰীসকলে চাকৰি নিয়মীয়াকৰণ, কেন্দ্রীয় কৰ্মচাৰীৰ মৰ্যাদা প্ৰদান কৰাৰ লগতে দৈনিক 5 ঘন্টাৰ পৰা 8 ঘন্টালৈ কৰ্মৰ সময় বৃদ্ধি কৰা, চিকিৎসা সেৱা সুবিধা প্ৰদান কৰা, লেপটপ, প্ৰিন্টাৰ আদি কৰ্ম সহায়ক সা-সামগ্রী প্ৰদান কৰা, পেন্সন প্ৰদান কৰাকে ধৰি 11 দাবী পূৰ্ণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ৷

লগতে প্ৰতিবাদকাৰীসকলে কয় যে, এইসকল কৰ্মচাৰীৰ পৰিয়ালৰ যিকোনো সংকট হ’লে সামান্য পাৰিতোষিক পোৱাৰ বাবে ঘৰৰ সা-সম্পত্তি পৰ্যন্ত বেচিবলগীয়া অৱস্থাৰ সৃষ্টি হয় ৷ এনেকৈ হ’লে তেওঁলোকৰ আয়তকৈ ব্যয়ৰ পৰিমাণহে বেছি হয় ৷ সেয়েহে এইসকলক কৰ্মচাৰীক এটা পৰিয়াল চলিব পৰাকৈ দৰমহা দিবলৈ দাবী উত্থাপন কৰে ৷ অনাগত সময়ত তেওঁলোকৰ দাবীসমূহ পূৰণ নোহোৱা পৰ্যন্ত ধৰ্মঘট অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিয়ে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক: বিদ্যুতৰ বিল আহিল ২০৬৫১ টকা; মূৰে কঁপালে হাত দিলে গৰাকীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.