বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল লক্ষাধিক টকাৰ সামগ্ৰী - FIRE INCIDENT

By ETV Bharat Assamese Team

Published : May 25, 2024, 4:12 PM IST

thumbnail
গোৱালপাৰাৰ কাহীবাৰীত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা (ETV BHARAT ASSAM)

গোৱালপাৰা, 25 মে’ : গোৱালপাৰাৰ কাহীবাৰীত নিশা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা ৷ পাকঘৰত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত দুটাকৈ বাসগৃহৰ লগতে দুই লক্ষাধিক টকাৰ সা-সম্পত্তি সম্পূৰ্ণৰূপে ভস্মীভূত হয় বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে, শুকুৰবাৰে নিশা গোৱালপাৰা জিলাৰ ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত কাহীবাৰীৰ ঘিলামাৰা গাঁৱৰ মজেন্দ্ৰ চন্দ্ৰ ৰায়ৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ মজেন্দ্ৰ ৰায়ে নিশা পাকঘৰত চিলিণ্ডাৰ লগাবলৈ লওঁতেই গেছ নিৰ্গত হয় ৷ লগে লগে চিলিণ্ডাৰ বিস্ফোৰণ হৈ সমগ্ৰ পাকঘৰটো জুয়ে আৱৰি ধৰে ৷ কথমপি দৌৰি প্ৰাণ ৰক্ষা কৰে মজেন্দ্ৰ ৰায় নামৰ লোকজনে ৷ কিন্তু জুইৰ লেলিহান শিখাই সমগ্ৰ পাকঘৰৰ লগতে আৱৰি ধৰে মূলগৃহত ৷  

দুটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷ স্থানীয় ৰাইজে ৰংজুলি আৰক্ষী থানাত খবৰ দিয়াত ৰংজুলি আৰক্ষীয়ে অগ্নিনিৰ্বাপক বাহিনীক লগত লৈ ঘটনাস্থলীত উপস্থিত হয় ৷ স্থানীয় ৰাইজৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ অগ্নিকাণ্ডৰ ফলত মূলগৃহটোত থকা নগদ এক লাখ টকা, মূল্যবান নথি-পত্ৰ, আচবাব, আ-অলংকাৰৰ লগতে তিনিটা ম’বাইল ফোন সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷ 

লগতে পঢ়ক : সেনা বাহিনীৰ বাহনৰ পৰা হঠাৎ ছিটিকি পৰিল গুলী-বাৰুদৰ বাকচ - Accident In Lakhimpur

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.