Corruption in Govt Scheme: চৰকাৰী আচঁনিৰ নামত অনিয়মৰ অভিযোগত উত্তপ্ত খুমটাই গাঁও পঞ্চায়ত

By

Published : Nov 18, 2022, 9:30 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

আজি দিনৰ ভাগত খুমটাই গাঁও পঞ্চায়তত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি (Tense situation in Khumtai gram panchayat) । পঞ্চায়ত কাৰ্যালয়ত অনুষ্ঠিত এক বিশেষ গাঁওসভাত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৰু বিভিন্ন আঁচনিৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি গাঁওসভাখনত খৰ্গহস্ত হৈ পৰে একাংশ মহিলা (Corruption in Govt Scheme) ৷ PMAY ৰ গৃহ বিতৰণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ গাঁও পঞ্চায়তখনৰ বিৰুদ্ধে । পকী ঘৰ থকা লোকে বিনামূলীয়াকৈ ঘৰ লাভ কৰাৰ বিপৰীতে বহু দৰিদ্ৰ লোকে পাবলগীয়া গৃহৰ বাবে ধন আদায় দিব লাগে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে স্থানীয় একাংশ ৰাইজে । উল্লেখযোগ্য যে, বিশেষকৈ খুমটাই গাঁও পঞ্চায়তৰ ১, ২, ৮, ৬ আৰু ১০ নং ৱাৰ্ডত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদানৰ ক্ষেত্ৰত হিতাধিকাৰী নিৰ্বাচনত অনিয়মৰ অভিযোগ তুলি উত্তপ্ত কৰি তোলে পঞ্চায়তৰ কাৰ্যালয় চৌহদ । ইয়াৰ পাছতেই সেই স্থানত কমাৰগাঁও আৰু খুমটাই আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.