Allegation on Rehab Centre: মৰিগাঁৱৰ ৰিহাব চেণ্টাৰত থকা লোকক মাৰপিট কৰাৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 9:31 AM IST

thumbnail

মৰিগাঁও, 16 নৱেম্বৰ : প্ৰকৃততে কি চলে ৰিহাব চেণ্টাৰত? এইবাৰ মৰিগাঁৱৰ ৰিহাব চেণ্টাৰত আশ্ৰয় বিচৰা লোকক মাৰপিট কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ ৰিহাব চেণ্টাৰত থকা লোকক মাৰপিট কৰাৰ অভিযোগ উত্থাপিত কৰিছে এজন ভুক্তভোগী লোকে ৷

আনহাতে, ভুক্তভোগী যুৱককেইজনৰ গাত আঘাতৰ চিনো স্পষ্ট হৈ আছে ৷ সংবাদ মাধ্যমৰ আগত এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীৰ আত্মীয়ই ৷ মৰিগাঁৱৰ ‘‘Green Life Rehabilitation Facility’’ নামৰ নিচামুক্তকৰণ আৰু পুনৰ্বাসন কেন্দ্ৰত অত্যাচাৰ কৰা হয় বুলি অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগী যুৱক ৷

ভুক্তভোগী যুৱকজনে উল্লেখ কৰা অনুসৰি, ৰিহাব চেণ্টাটোত শাৰীৰিক, মানসিক অত্যাচাৰ কৰাৰ লগতে তেওঁলোকক শৌচালয় পৰিষ্কাৰো কৰিবলৈয়ো দিয়ে ৷ ইয়াৰোপৰি বিভাগীয় নীতি-নিয়ম উলংঘা কৰাৰ উপৰিও বিভাগীয় অনুমতি অবিহনেই চলাই আছে এই Green Life Rehabilitation Facility নামৰ কেন্দ্ৰটি ৷ কিন্তু অভিযোগকাৰী এই কথা অস্বীকাৰ কৰিছে ৰিহাব চেণ্টাৰৰ কৰ্তৃপক্ষই ৷

জানিব পৰা মতে, প্ৰতিজন ৰিহাব চেণ্টাৰত থকা লোকৰ পৰা মাহিলী লোৱা হয় 8 পৰা 10 হাজাৰ টকালৈকে ৷ কিন্তু ইমানৰ পাচতো কিয় ৰিহাব চেণ্টাৰৰ আশ্ৰয়ত থকা লোকক বনকৰা লোকৰ দৰে ব্যৱহাৰ কৰে সেয়াহে গুৰুত্বপূৰ্ণ বিষয় ৷

লগতে পঢ়ক : joining in BJP; চাহ বাগিচাত পৰিৱৰ্তন কেৱল বিজেপিয়েহে আনিব পাৰিব: পল্লৱ লোচন দাস

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.