ETV Bharat / state

joining in BJP; চাহ বাগিচাত পৰিৱৰ্তন কেৱল বিজেপিয়েহে আনিব পাৰিব: পল্লৱ লোচন দাস

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 6:57 AM IST

বিজেপিৰ লক্ষ্য এইবাৰ চাহ মজদুৰ সংঘ ৷ কংগ্ৰেছৰ ভোট বেংক চাহ মজদুৰ সংঘৰ নেতা-কৰ্মীৰ যোগদান বিজেপিত ৷ সাংসদ পল্লৱ লোচন দাসৰ উপস্থিতিত ডিব্ৰুগড়ত বিজেপিৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত ৷

joining in BJP
বিজেপিৰ লক্ষ্য এইবাৰ চাহ মজদুৰ সংঘ

বিজেপিৰ লক্ষ্য এইবাৰ চাহ মজদুৰ সংঘ

ডিব্ৰুগড়, 16 নৱেম্বৰ : লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে অধিক আগ্ৰাসী ৰূপত দেখা গৈছে শাসক দলৰ বিজেপিক । বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্য গঠন হোৱাৰ লগে লগে যেন অধিক সক্ৰিয় হৈ উঠিছে বিজেপি । দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ সমান্তৰালভাৱে কংগ্ৰেছৰ গণভেঁটি দুৰ্বল কৰাৰ পৰিকল্পনাত ব্যস্ত হৈছে ৰাজ্যিক বিজেপি । বিজেপিৰ লক্ষ্য এবাৰ চাহ মজদুৰ সংঘ ।

কংগ্ৰেছৰ ভোট বেংক হিচাপে পৰিচিত হৈ অহা চাহ মজদুৰ সংঘত আৰম্ভ হৈছে খহনীয়া । চাহ মজদুৰ সংঘৰ নেতা কৰ্মীয়ে যোগদান কৰিলে বিজেপিত । সাংসদ পল্লৱ লোচন দাসৰ উপস্থিতিত বুধবাৰে বিয়লি ডিব্ৰুগড়ত অনুষ্ঠিত হয় বিজেপিৰ যোগদান কাৰ্যসূচী ।

দীৰ্ঘদিন ধৰি অসম চাহ মজদুৰ সংঘৰ সভাপতিৰ পদত অধিস্থিত হৈ থকা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰৰ নেতৃত্বৰ সংঘৰ উপ-সভাপতি নবীন কেওটৰ নেতৃত্বত প্ৰায় 30 জন চাহ মজদুৰ সংঘৰ নেতা কৰ্মীয়ে বুধবাৰে পল্লৱ লোচন দাসৰ উপস্থিতিত বিজেপিৰ ডিব্ৰুগড় জিলা কাৰ্যালয়ত যোগদান কৰে । অসম চাহ মজদুৰ সংঘৰ নেতা কৰ্মীৰ বিজেপিত যোগদান কৰা বিষয়টো এতিয়া কংগ্ৰেছৰ বাবে এক প্ৰকাৰে মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক : joining in BJP: লখিমপুৰত পাঁচ শতাধিক যুৱক-যুৱতীয়ে পিন্ধিলে গেৰুৱা বসন

উল্লেখযোগ্য যে, সাংসদ পল্লৱ লোচন দাসে তিনিচুকীয়া ডিব্ৰুগড়ত বাহৰ পাতি কংগ্ৰেছৰ ভোট বেংক স্বৰূপ চাহ মজদুৰ সংঘত থকা কংগ্ৰেছৰ ভোট বেংকত ভাঙোন আনিবলৈ চেষ্টা চলাইছে । বুধবাৰে যোগদান কাৰ্যসূচীৰ পৰাই অনুমান কৰিব পাৰি এই ক্ষেত্ৰত সফল হৈছে সাংসদ পল্লৱ লোচন দাস ।

সাংসদগৰাকীয়ে কয়, ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নত সহযোগত কৰিবলৈ আগবঢ়ি আহিছে চাহ মজদুৰ সংঘৰ নেতাসকল । এতিয়া চাহ বাগিচাৰ শ্ৰমিকসকলে বুজি উঠিছে চাহ বাগিচাত পৰিৱৰ্তন আনিবলৈ হ'লে কেৱল বিজেপিয়েহে পাৰিব বুলি’’ ।

লগতে পঢ়ক : Minister Ashok Singhal : ভূপেন বৰাই সদায় সপোন দেখি থাকে : অশোক সিংহল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.