Assam Jatiya Parishad : এক অসম, ঐক্যবদ্ধ অসমৰ লক্ষ্যৰে অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 3:40 PM IST

thumbnail

গুৱাহাটী, ১৬ ছেপ্টেম্বৰ : সাম্প্ৰদায়িক তথা বিভেদৰ ৰাজনীতিৰ লগতে দুৰ্নীতি, ভ্ৰষ্টাচাৰ তথা একনায়কত্ববাদী শাসন ব্যৱস্থাৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাৰ লক্ষ্যৰে অসম জাতীয় পৰিষদে ধুবুৰীৰ পৰা শদিয়ালৈ সমন্বয়ৰ উদ্দেশ্যেৰে হাতত লৈছে এক প্ৰতিবাদী যাত্ৰা ৷ ২১ ছেপ্টেম্বৰৰ পৰা ধুবুৰীৰ পৰা এক অসম যাত্ৰা নামেৰে আৰম্ভ কৰা হ’ব এই যাত্ৰা ৷ শনিবাৰে বিষ্ণু-নিৰ্মলা ন্যাসত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সংবাদমেল যোগে সদৰী কৰে এই কথা ৷  

অজাপৰ সভাপতিগৰাকীয়ে কয় যে, অসমৰ বিভিন্ন জিলা পৰিক্ৰমা কৰি যাত্ৰাৰ অন্ত পৰিব ৰাজ্যৰ পূৰ্ব দিশৰ শেষ সীমা শদিয়াত ৷ ২১ ছেপ্টেম্বৰৰ পুৱা ধুবুৰীৰ নেতাই ধুবুনী ঘাটত থকা মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই যাত্ৰা আৰম্ভ হ’ব ৷ ইয়াৰ পাছত পাচ পীৰ দৰগাহ শ্বৰীফত দোৱা লৈ ধুবুৰীৰ গুৰু টেগ বাহাদুৰ গুৰুদ্বাৰত প্ৰাৰ্থনা জনোৱাৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহ আৰু ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই যাত্ৰা আগবাঢ়িব ৷

ইয়াৰ পূৰ্বে ২০ ছেপ্টেম্বৰত কোচবিহাৰৰ মধুপুৰ সত্ৰত দুয়োজনা গুৰুক সেৱা জনোৱা হ’ব ৷ এই যাত্ৰাত প্ৰতিদিনে দহ কিঃমিঃ খোজ কাঢ়িব অসম জাতীয় পৰিষদে ৷ এমাহতকৈ অধিক দিন চলিব এই যাত্ৰ ৷ যাত্ৰাপথত প্ৰতিগৰাকী নাগৰিকৰ কাষলৈ যোৱাৰ সংকল্প দলটোৰ ৷ আজিৰ সংবাদমেলত আনুষ্ঠানিকভাৱে এক অসম যাত্ৰাৰ থিম পোষ্টাৰ আৰু ভিডিঅ’ মুকলি কৰে অসম জাতীয় পৰিষদে ৷

লগতে পঢ়ক : CWC meeting in Hyderabad : ৫ ৰাজ্যৰ নিৰ্বাচন সন্দৰ্ভত আলোচনা; হায়দৰাবাদত চিডব্লিউচিৰ বৈঠকত খাৰ্গে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.