ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ চিকিৎসালয়ত অগ্নিকাণ্ড : ১২ জন ৰোগীক উদ্ধাৰ অগ্নি নিৰ্বাপক বাহিনীৰ - Fire in Uttar Pradesh Hospital

author img

By ANI

Published : May 27, 2024, 11:34 AM IST

Fire in Astha Hospital : উত্তৰ প্ৰদেশৰ বাঘপত জিলাৰ বাৰাউত অঞ্চলৰ আস্থা চিকিৎসালয়ত অগ্নিকাণ্ড । দৈৱক্ৰমে ৰক্ষা পৰিল ৰোগী ।

Fire in Astha Hospital
আস্থা চিকিৎসালয়ত অগ্নিকাণ্ড (ANI)

নেশ্য়নেল ডেস্ক, ২৭ মে’: দেশৰ ৰাজধানী চহৰ নতুন দিল্লীৰ বিবেক বিহাৰ এলেকাত থকা এখন হাস্পতালত শনিবাৰে নিশা 11.32 বজাত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নাযাওতেই এইবাৰ উত্তৰ প্ৰদেশৰ এখন চিকিৎসালয়ত সংঘটিত হয় অগ্নিকাণ্ড ।

সোমবাৰে উত্তৰ প্ৰদেশৰ বাঘপত জিলাৰ বাৰাউত অঞ্চলৰ আস্থা চিকিৎসালয়ত অগ্নিকাণ্ড সংঘটিত হয় । অৱশ্য়ে এই অগ্নিকাণ্ডৰ ঘটনাত কোনো লোক হতাহত হোৱা নাই । মুখ্য অগ্নি নিৰ্বাপক বিষয়া অমৰেন্দ্ৰ প্ৰতাপ সিঙে এই সন্দৰ্ভত উল্লেখ কৰি কয় যে, চিকিৎসালয়খনৰ ভিতৰত ১২ জন ৰোগী আছিল যদিও তেওঁলোকক অগ্নি নিৰ্বাপক বাহিনীৰ লোকে সুৰক্ষিতভাৱে উলিয়াই আনিবলৈ সক্ষম হয় ।

মুখ্য অগ্নি নিৰ্বাপক বিষয়া অমৰেন্দ্ৰ প্ৰতাপ সিঙে এই ঘটনাৰ বিষয়ে উল্লেখ কৰি কয়, "এই অগ্নিকাণ্ডৰ বিষয়ে তথ্য লাভ কৰাৰ পিছতেই চাৰিখন অগ্নি নিৰ্বাপক গাড়ী তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হয় আৰু দ্ৰুতগতিত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ।

মুখ্য অগ্নি নিৰ্বাপক বিষয়াগৰাকীয়ে লগতে কয়, "অগ্নিকাণ্ডৰ ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই । চিকিৎসালয়খনৰ ভিতৰ ১২ জন ৰোগী আছিল আৰু তেওঁলোকক সুৰক্ষিতভাৱে বাহিনীৰ লোকে উলিয়াই আনিবলৈ সক্ষম হয় । এই ঘটনাত কোনো লোক হতাহত হোৱা নাই" ৷

এতিয়ালৈকে এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই বুলিও কয় মুখ্য অগ্নি নিৰ্বাপক বিষয়াগৰাকীয়ে । তেওঁ কয়, "প্ৰাৰম্ভিক অনুসন্ধানত এই অগ্নিকাণ্ডৰ কাৰণ এটা মটৰৰ শ্ব’ৰ্ট চাৰ্কিটৰ বাবে হৈছে বুলি প্ৰকাশ কৰিলেও বৰ্তমানলৈ কাৰণ স্পষ্ট নহয় । সেয়েহে ইয়াৰ কাৰণ সম্পৰ্কে জানিবলৈ তদন্ত চলি আছে" ৷

ইপিনে, যোৱা শনিবাৰে এটা পৃথক ঘটনাত অগ্নিকাণ্ডৰ ফলত দিল্লীৰ বিবেক বিহাৰৰ নিউবৰ্ণ বেবী কেয়াৰ চিকিৎসালয়ত সাতটি নৱজাতকৰ মৃত্যু হৈছিল । আৰক্ষীয়ে চিকিৎসালয়খনে যি অনুজ্ঞাপত্ৰত কাম কৰি আছিল, সেয়া বৈধ নহয় বুলি উল্লেখ কৰিছে ।

তদুপৰি চিকিৎসালয় চৌহদত কোনো জৰুৰী প্ৰস্থান নাছিল বুলিও আৰক্ষীয়ে উল্লেখ কৰিছে । শ্বাহদাৰাৰ আৰক্ষী উপায়ুক্ত সুৰেন্দ্ৰ চৌধুৰীয়ে কয় যে নিউবৰ্ণ বেবী কেয়াৰ চিকিৎসালয়ত পাঁচখনলৈকে বিচনা ৰখাৰ অনুমতি আছিল । কিন্তু তেওঁলোকে ১০ খনতকৈ অধিক বিচনা স্থাপন কৰিছিল ।

আৰক্ষীৰ অনুসন্ধানত আৰু প্ৰকাশ কৰিছে যে চিকিৎসালয়ৰ কিছুমান চিকিৎসকে নৱজাতকৰ চিকিৎসা কৰিবলৈ উপযুক্ত ডিগ্ৰী নাই । কিয়নো তেওঁলোক কেৱল বিএএমএছ ডিগ্ৰীধাৰীহে ।

লগতে পঢ়ক:চিকিৎসালয়ত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জ্বলি ছাই হ’ল 7 শিশু - Fire In Delhi Baby Care Hospital

দিল্লীৰ অগ্নিকাণ্ডত নিহত শিশুৰ আত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ২ লাখ টকাকৈ সাহাৰ্য ঘোষণা - Hospital Fire Tragedy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.