ETV Bharat / snippets

আমগুৰিত চাৰিচকীয়া বাহনৰ তলত সোমাল মটৰ চাইকেল

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 12:06 PM IST

head on collision in amguri
ভয়ংকৰ দুৰ্ঘটনা (Etv bharat assam)

আমগুৰি, 27 মে’: আমগুৰি থানাৰ অন্তৰ্গত আমগুৰি নগৰ চাৰিআলিত সোমবাৰৰ পুৱা এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । মূল চাৰিআলিৰ 61 নং ৰাষ্ট্ৰীয় ঘাইপথত ইক' আৰু মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ সংঘটিত হয় । ইক' বাহনখনৰ তলত সোমাই পৰে মটৰ চাইকেলখন । দুৰ্ঘটনাগ্ৰস্থ ইক' আৰু মটৰ চাইকেলখনৰ পঞ্জীয়ন নম্বৰ ক্ৰমে AS 04 A E 9394 আৰু AS 02 W 9469 ।

দুৰ্ঘটনাত মটৰ চাইকেল আৰোহী নামতি চোমদাৰৰ পৱন দত্ত সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত ৷ আনহাতে ইক' গাড়ীখন আমগুৰি বাগিচাৰ পৰা যোৰহাট অভিমুখী আছিল । দুৰ্ঘটনাত ইক' চালক সুৰেন কুৰ্মী সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় ।

লগতে পঢ়ক: দুৰ্ঘটনাত পতিত হৈ চাবুৱা, ৰঙাপৰাত পথচাৰীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.