ETV Bharat / state

দুৰ্ঘটনাত পতিত হৈ চাবুৱা, ৰঙাপৰাত পথচাৰীৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 9:35 AM IST

ৰাজ্যৰ কেবাটাও স্থানত সংঘটিত হৈছে পথ দুৰ্ঘটনা
ৰাজ্যৰ কেবাটাও স্থানত সংঘটিত হৈছে পথ দুৰ্ঘটনা

Accident in Assam : একেদিনাই ৰাজ্যৰ কেবাটাও স্থানত সংঘটিত হৈছে পথ দুৰ্ঘটনা ৷ দেওবাৰে পথ দুৰ্ঘটনাত পতিত হৈ এজন চাইকেল আৰোহী আৰু ৰঙাপৰাৰত এজনৰ মৃত্যু হয় ৷

ৰাজ্যৰ কেবাটাও স্থানত সংঘটিত হৈছে পথ দুৰ্ঘটনা

নিউজ ডেস্ক, 4 মাৰ্চ : একাংশ উদণ্ড চালকৰ বাবে প্ৰতিদিনেই সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা । দেওবাৰে আবেলি চাবুৱাৰ মুৰিপট্ৰিত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংমঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । আলট্ৰা বাছ আৰু পালচাৰ মটৰ চাইকেলৰ সৈতে হয় মুখামুখি সংঘৰ্ষ ।

তিনিচুকীয়াৰ পৰা ডিব্ৰুগড় অভিমুখে আহি থকা AS06 AC 9697 নম্বৰৰ আল্ট্ৰা বাছখনে বিপৰীত দিশৰ পৰা অহা AS23Y 2340 নম্বৰৰ পালছাৰ বাইকখনৰ লগত মুখামুখি সংঘৰ্ষ হয় ৷ ফলত মটৰ চাইকেল আৰোহীজন থিতাতে নিহত ৷ বাতৰি যুগুত কৰা পৰলৈকে নিহত ব্যক্তিজনক চিনাক্ত কৰিব পৰা নাই । ইফালে ঘটনাৰ খবৰ লাভ কৰাৰ পাচতে চাবুৱা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।

কেৱল ডিব্ৰুগড়তে নহয়, দেওবাৰে ৰঙিয়া নগৰতো সংঘটিত হয় এক দুৰ্ঘটনা ৷ তথ্য অনুসৰি, ৰঙিয়া নগৰত উদণ্ড ট্ৰাক চালকে খুন্দিয়ালে মৃতদেহ কঢ়িয়াই অনা এখন এম্বুলেঞ্চ বাহন । AS 28 AC 1568 নম্বৰৰ এম্বুলেঞ্চখনে মৃতদেহ কঢ়িয়াই অনা মুহূৰ্ততে ৰঙিয়া নগৰৰ 1 নং পুলিচ পইন্টত দুৰ্ঘটনাত পতিত হয় ।

তামুলপুৰ ফালৰ পৰা অহা AS01 BC2786 নম্বৰৰ ট্ৰাকখনে যান-জটৰ মাজতে বেক গেয়াৰ লগাই খুন্দিয়ালে এম্বুলেঞ্চখনক । যাৰ ফলত এম্বুলেঞ্চখনৰ চালকজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে । উদণ্ড ট্ৰাক চালকজনৰ অসাবধানতাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ উত্থাপন কৰে । সেয়ে মএনে উদণ্ড চালকক নাকী লগাবলৈ অসম আৰক্ষীক অনুৰোধ জনাইছে স্থানীয় ৰাইজে ।

ইফালে শোণিতপুৰ জিলাৰ ৰঙাপৰা নগাপথাৰতো নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা । এই পথ দুৰ্ঘটনাত থিতাতে মৃত্যুক সাৱটি লয় এজন যুৱকে । যুৱকজনৰ নাম আজাদ মানকি মুণ্ডা । যুৱকজনৰ মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

জানিব পৰা মতে, ৰঙাপৰাৰ ধূলাপাদুং চাহ বাগিচাৰ 2 নং শ্ৰমিক লাইনৰ আজাদ মানকি মুণ্ডাই বজাৰ কৰি চাইকেল চলাই ৰঙাপৰা-তেজপুৰ সংযোগী পথচোৱাৰে চেঁচা চাহ বাগিচাৰ অভিমুখে গৈ আছিল । ঠিক তেনে সময়তে বিপৰীত দিশৰ পৰা আহি থকা AS12 E ৪৬০০ নম্বৰৰ যাত্ৰীবাহী বাছখনে চাইকেলখনক খুন্দা মাৰে । ফলত থিতাতে মৃত্যুক সাৱটি লয় যুৱকজনে।

আজাদ মানকি মুণ্ডাৰ মৃত্যুক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে লোক নিৰ্মাণ বিভাগৰ পথচোৱাত জুই জ্বলাই পথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ । ফলত উক্ত পথচোৱাৰে কিছু সময়ৰ বাবে যান-বাহনৰ চলাচল বন্ধ হৈ পৰে । পিচত ঘটনাস্থলীত ৰঙাপৰা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা যাত্ৰীবাহী বাছখন থানালৈ লৈ যায় । তথ্য অনুসৰি, ঘটনা সন্দৰ্ভত ৰঙাপৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : ডাম্পাৰক যমদূত বুলি ভাবে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.