ডাম্পাৰক যমদূত বুলি ভাবে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 9:31 AM IST

thumbnail

ৰঙিয়া, 26 ফেব্ৰুৱাৰী : ডাম্পাৰ দেখিলে যমদূতক দেখে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । ডাম্পাৰ নহয় সেইখন যমদূতৰ নিচিনাকৈ আহে বুলি নিজৰ শংকা প্ৰকাশ কৰে ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ।

ডাম্পাৰে হিট এণ্ড ৰানৰ ঘটনা সংঘটিত কৰাৰ পিচত ভৱেশ কলিতাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ‘‘ডাম্পাৰ সৈতে বহুত বাহন দুৰ্ঘটনাত পতিত হয় । দুৰ্ঘটনা হ’লে ডাম্পাৰখনৰ একো ক্ষতি নহয় ৷ কিয়নো বহুত ওখ গাড়ীখন । ডাম্পাৰ দেখিলে আমাৰ সৰু গাড়ীবোৰৰহে ভয় লাগে । মইতো যমদূত বুলিয়ে ভাবো ।’’

সকলোকে সাৱধান হ’বৰ বাবে আহ্বান জনায় তেওঁ কয়, ‘‘ডাম্পাৰ দেখিলে সকলোৱেই অলপ সাৱধানে হওক । ডাম্পাৰৰ মালিকসকলে অলপ বুজাওক চালকসকলক । ডাম্পাৰে বস্তু আদান প্ৰদানো কৰিব লাগিব । কিন্তু ই মৃত্যুদূতলৈ ৰূপান্তৰিত নহয় এই কথাটো যাতে পৰিবহন বিভাগে গুৰুত্ব দি চালকসকলক প্ৰশিক্ষণ দিয়ে ৷ লগতে 30/40 গতিৰোধ বান্ধি দিয়ে’’ ।

ডাম্পাৰেতো মাটি কঢ়িয়াব লাগিবই, সেইবুলি ডাম্পাৰৰ বাবে যাতে বিভীষিকা নহয় ৷ এই বুলি মন্তব্য কৰে বিধায়ক কলিতাই ।

লগতে পঢ়ক : ডাম্পাৰৰ দৌৰাত্ম্য; উদিয়ানাত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত আহত দুই বাইক আৰোহী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.