ETV Bharat / state

ডাম্পাৰৰ দৌৰাত্ম্য; উদিয়ানাত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত আহত দুই বাইক আৰোহী

author img

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 9:55 AM IST

Accident in Rangia
ডাম্পাৰৰ দৌৰাত্ম্য

Accident in Rangia : ৰঙিয়াৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত অঘটন ৷ এখন তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে বাইকসহ চালকক ৷ ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহকত দুই বাইক আৰোহী ৷ দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ডাম্পাৰখনে ৷

ডাম্পাৰৰ দৌৰাত্ম্য

ৰঙিয়া, 25 ফেব্ৰুৱাৰী : ৰঙিয়াৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত শনিবাৰে বিয়লি সংঘটিত হয় হিট এণ্ড ৰাণৰ এটা ঘটনা । তথ্য অনুসৰি, ডাম্পাৰে এখন বাইকক খুন্দিয়ায় ৷ ফলত দুই বাইক আৰোহী গুৰুতৰভাৱে আহত হয় । ইফালে এই দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা ডাম্পাৰসহ পলায়ন কৰে চালকজনে ।

এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত দুই বাইক আৰোহী ক্ৰমে বৰমাৰ বিষ্ণুপুৰৰ বীৰদাও বসুমতাৰী (21) আৰু উইচডম গয়াৰী (21) বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ হৈছে AS14N827 ৷

বিৱৰণি অনুসৰি, ঘটনাৰ বিষয়ে জানিব পাৰি স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক ৷ খবৰ পোৱাৰ মাত্ৰে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহযোগত আহত দুই যুৱকক ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ বাতৰি যুগুত কৰা পৰলৈকে লাভ কৰা তথ্য অনুসৰি, পৰৱৰ্তী সময়ত অতি সংকটজনক অৱস্থাত দুয়োকে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।

জানিব পৰা মতে, বৰমাৰ পৰা বাইহাটা অভিমুখে দুই যুৱকে আহি থকা অৱস্থাত নম্বৰ প্লেট বিহীন এখন ডাম্পাৰে পিছফালৰ পৰা খুন্দিয়াই উক্ত দুৰ্ঘটনাটো সংঘটিত কৰে । কামৰূপ নলবাৰী সীমান্তৰ নোনা নৈৰ পৰা পৰা অহা ডাম্পাৰখনে যান বাহন আইন অমান্য কৰি হঠাৎ ইউটাৰ্ণ লোৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি প্ৰত্যক্ষদৰ্শীয়ে ক্ষোভ উজাৰে ।

আৰক্ষী ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ চালকৰ সন্ধানত নামি পৰিছে । ইফালে দুৰ্ঘটনাটোৰ পিচতে উত্তপ্ত হৈ পৰে ৰঙিয়াৰ উদিয়ানা অঞ্চল । উপস্থিত ৰাইজে আৰক্ষীৰ সন্মুখতে গুৱাহাটী অভিমুখী 27 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক : ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত পথ দুৰ্ঘটনা, ১৩ জন আহত

ৰাইজৰ স্বতঃস্ফূৰ্ত প্ৰতিবাদ মাজতে আৰক্ষীয়ে পথটো মুকলি কৰিবলৈ চেষ্টা কৰে যদিও বিফল হয় । কিয়নো ২27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাতেই মাত্ৰ এটা দিন পূৰ্বেও যাত্ৰীবাহী মেজিক এখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল । সেই দুৰ্ঘটনাটোত এগৰাকী 12 বছৰীয়া কিশোৰীৰ মৃত্যু পৰ্যন্ত হোৱাৰ লগতে শিশু, মহিলাসহ 12 গৰাকী যাত্ৰী আহত হৈছিল ৷

উল্লেখ্য যে, ৰঙিয়াৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত উদণ্ড ডাম্পাৰ চালক আৰু উদণ্ড ট্ৰেক্টৰ চালকৰ দৌৰাত্মৰ বাবে প্ৰায়েই দুৰ্ঘটনা সংঘটিত হৈ আহিছে । এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে উদণ্ড ডাম্পাৰ চালক আৰু উদণ্ড ট্ৰেক্টৰ চালকক নাকী লগাব নোৱাৰাৰ অভিযোগ তুলি স্থানীয় ৰাইজে ক্ষোভ উজাৰে । পিচত যান বাহন আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰাৰ লগতে সু-ব্যৱস্থা কৰিব বুলি ৰাইজক আশ্বাস দিয়াত ৰাইজে ২27 নং ৰাষ্ট্ৰীয় ঘাইপথটো মুকলি কৰি দিয়ে ৷

লগতে পঢ়ক : বিধায়ক ভাস্কৰ শৰ্মাৰ কনভয়ৰ বাহনৰ খুন্দাত ৭ জন আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.