ETV Bharat / state

ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত পথ দুৰ্ঘটনা, ১৩ জন আহত

author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 4:39 PM IST

Road Accident in Rangia
পথ দুৰ্ঘটনাত ১৩ জন আহত

Road Accident in Rangia : নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰি পৰিল যাত্ৰীবাহী বাহন ৷ দুৰ্ঘটনাত শিশু, মহিলাসহ 13 গৰাকী আহত ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ট্ৰেক্টৰ আৰু ডাম্পাৰৰ পৰা বালি-মাটি পৰি পিছল হোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় ৷

ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা

ৰঙিয়া, 22 ফেব্ৰুৱাৰী : ৰঙিয়াৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত আজি সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰি পৰিল যাত্ৰীবাহী মেজিক বাহন ৷ দুৰ্ঘটনাটোত শিশু, মহিলা সহ 13 গৰাকী আহত হয় ৷ অভিযোগ অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ট্ৰেক্টৰ আৰু ডাম্পাৰৰ পৰা বালি-মাটি পৰি পিছল হোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় ৷

উল্লেখযোগ্য যে উদিয়ানা চ'কৰ সমীপতে নিৰ্মীয়মান অৱস্থাত থকা এটা উদ্যোগত আৰ্থ ফিলিঙৰ বাবে দিনে-নিশাই ৰঙিয়াৰ নোনা নৈৰ পৰা ট্ৰেক্টৰ আৰু ডাম্পাৰে বালি ৰাষ্ট্ৰীয় ঘাইপথেৰে লৈ যোৱাৰ বাবে পথৰ ওপৰত প্ৰতিদিনে তৰপে তৰপে পৰে বালি আৰু মাটিৰ চপৰা ৷ একোখন গাড়ীত প্ৰয়োজনতকৈ অধিক বালি কঢ়িওৱা আৰু বালি ঢাকি নৰখাৰ ফলত নিতৌ পথটোৰ বিভিন্ন অংশত মাটিৰ চপৰা আৰু বালি পৰি যায় ৷ বৃহস্পতিবাৰে দিনৰ ভাগত বৰষুণ হোৱাৰ ফলত পথৰ ওপৰত পৰি থকা মাটি পিছল হৈ পৰাত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় ৷

ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিচতে নিৰ্মাণৰত উদ্যোগত কাম কৰা কেইজনমান বনুৱাই ঘাইপথটো ততাতৈয়াকৈ চাফা কৰাত উঠি-পৰি লাগে ৷ সংবাদ মাধ্যমে এই দৃশ্য সংগ্ৰহ কৰাৰ সময়তো আনকি বাধা প্ৰদান কৰে নিৰ্মীয়মান উদ্যোগটোত কাম কৰা কেইগৰাকীমান লোকে ৷ আনহাতে তেজপুৰৰ পৰা AS 12 BC 0788 নম্বৰৰ যাত্ৰীবাহী মেজিকখনে কৃষ্ণগুৰু আশ্ৰম সৰ্থেবাৰীত পালনামত অংশগ্ৰহণ কৰিবলৈ যাত্ৰা কৰিছিল ৷ সেই মুহূৰ্ততে ৰঙিয়াৰ উদিয়ানাত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় বাহনখন ৷

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিচত বাহনখনতে আবদ্ধ হৈ পৰে কেইবাগৰাকীও যাত্ৰী ৷ স্থানীয় ৰাইজে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা আটাইকেইজনকে উদ্ধাৰ কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা দলটোৱে ৰাইজৰ সহযোগত ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় আহত কেইজনক ৷ পিছত সংকটজনক অৱস্থাত এগৰাকী কিশোৰীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ এই দুৰ্ঘটনাৰ পিছতে জাঙুৰ খাই উঠিছে উদিয়ানাৰ সচেতন ৰাইজ ৷

লগতে পঢ়ক : শদিয়াত প্ৰচণ্ড ধুমুহা, প্ৰকাণ্ড গছ উভালি ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.