চাহ বাগিছাৰ কাষত উদ্ধৰ মৃত গঁড়; অক্ষত খৰ্গ - RHINO DEATH IN ASSAM

By ETV Bharat Assamese Team

Published : May 14, 2024, 6:44 PM IST

thumbnail
চাহ বাগিচাত উদ্ধাৰ গঁড়ৰ মৃতদেহ (Etv bharat assam)

কলিয়াবৰ, 14 মে’: কলিয়াবৰ চাহ বাগিচাৰ সোণাৰী শাখাৰ 19 নম্বৰ লাইনত উদ্ধাৰ হৈছে গঁড়ৰ মৃতদেহ । কামাখ্যা পাহাৰ আৰু চাহ বাগিচাৰ সীমাৰ হোলাত উদ্ধাৰ কৰা হৈছে গঁড়টোৰ মৃতদেহ । দীৰ্ঘদিন ধৰি গঁড়টোৱে চাহ বাগিচাখনত বিচৰণ কৰি আছিল বুলি বন বিভাগৰ লোকে জনায় । আনহাতে এদিন পূৰ্বে গঁড়টোৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে । 

এই সন্দৰ্ভত অৱগত হোৱাৰ পাচতে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হয় । খাদ্যৰ সন্ধানত কাজিৰঙাৰ পৰা গঁড়টো ওলাই আহিছিল বুলি জানিব পৰা গৈছে । গঁড়টোৰ মৃত্যুৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই । অক্ষত অৱস্থাত আছে গড়ঁটোৰ খৰ্গ । 

বন বিভাগ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গঁড়টোৰ মৃত্যু সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । বন বিভাগে বাঘৰ আক্ৰমণত গঁড়টোৰ মৃত্যু হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: গঁড়ৰ ৰহস্যজনক মৃত্যু: কাজিৰঙাৰ বনাঞ্চলিক বিষয়াক নিলম্বন - Dead rhinoceros in Kazriranga

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.