গঁড়ৰ ৰহস্যজনক মৃত্যু: কাজিৰঙাৰ বনাঞ্চলিক বিষয়াক নিলম্বন - Dead rhinoceros in Kazriranga - KAZIRANGA RHINO KILL

🎬 Watch Now: Feature Video

thumbnail
কাজিৰঙাৰ বনাঞ্চলিক বিষয়াক নিলম্বন (undefined)

By ETV Bharat Assamese Team

Published : March 29, 2024 at 8:03 PM IST

1 Min Read
Choose ETV Bharat

কলিয়াবৰ, 29 মাৰ্চ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া ইকবাল হুছেইনক নিলম্বন কৰিছে বন বিভাগে । উল্লেখযোগ্য যে ২৩ মাৰ্চত বুঢ়াপাহাৰ বনাঞ্চলৰ টুনিকাটি বন শিবিৰৰ সমীপত উদ্ধাৰ হৈছিল এটা খড়্গবিহীন মৃত গঁড় । খড়্গবিহীন গঁড়টোৰ মৃত্য হোৱাৰ পিচতেই তদন্ত আৰম্ভ কৰিছিল বন বিভাগে ।

গঁড়টোৰ মৃতদেহ উদ্ধাৰৰ পিচতে ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক সোণালী ঘোষে জানিবলৈ দিয়া অনুসৰি ২৪ ঘন্টাৰ পূৰ্বে আন গঁড়ৰ সৈতে যুদ্ধ কৰি মৃত্যুমুখত পৰিছিল প্ৰাপ্তবয়স্ক গঁড়টো । প্ৰথম অৱস্থাত চোৰাংচিকাৰীয়ে গঁড়টো হত্যা কৰাৰ সন্দেহ কৰিছিল যদিও পিচত বন বিভাগৰ অনুসন্ধান আৰু পৰ্যবেক্ষণত আন গঁড়ৰ সৈতে হোৱা যুঁজতহে গঁড়টোৰ মৃত্যু হৈছিল বুলি উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিছিল ।

অক্ষত অৱস্থাতে গঁড়ৰ খড়্গটো আছে বুলিও জানিবলৈ দিছিল ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে । কিন্তু বিভাগীয় তদন্তৰ পিচত কিয় বনাঞ্চলিক বিষয়াজনক নিলম্বন কৰা হ’ল সেয়া এতিয়াও ৰহস্যাবৃত হৈ আছে ।

লগতে পঢ়ক: পেট্ৰ’লিং দিবলৈ গৈ কৰ্তৃপক্ষই প্ৰত্যক্ষ কৰিলে মৃত গঁড়

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details