গঁড়ৰ ৰহস্যজনক মৃত্যু: কাজিৰঙাৰ বনাঞ্চলিক বিষয়াক নিলম্বন - Dead rhinoceros in Kazriranga

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 8:03 PM IST

thumbnail

কলিয়াবৰ, 29 মাৰ্চ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া ইকবাল হুছেইনক নিলম্বন কৰিছে বন বিভাগে । উল্লেখযোগ্য যে ২৩ মাৰ্চত বুঢ়াপাহাৰ বনাঞ্চলৰ টুনিকাটি বন শিবিৰৰ সমীপত উদ্ধাৰ হৈছিল এটা খড়্গবিহীন মৃত গঁড় । খড়্গবিহীন গঁড়টোৰ মৃত্য হোৱাৰ পিচতেই তদন্ত আৰম্ভ কৰিছিল বন বিভাগে ।

গঁড়টোৰ মৃতদেহ উদ্ধাৰৰ পিচতে ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক সোণালী ঘোষে জানিবলৈ দিয়া অনুসৰি ২৪ ঘন্টাৰ পূৰ্বে আন গঁড়ৰ সৈতে যুদ্ধ কৰি মৃত্যুমুখত পৰিছিল প্ৰাপ্তবয়স্ক গঁড়টো । প্ৰথম অৱস্থাত চোৰাংচিকাৰীয়ে গঁড়টো হত্যা কৰাৰ সন্দেহ কৰিছিল যদিও পিচত বন বিভাগৰ অনুসন্ধান আৰু পৰ্যবেক্ষণত আন গঁড়ৰ সৈতে হোৱা যুঁজতহে গঁড়টোৰ মৃত্যু হৈছিল বুলি উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিছিল ।

অক্ষত অৱস্থাতে গঁড়ৰ খড়্গটো আছে বুলিও জানিবলৈ দিছিল ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে । কিন্তু বিভাগীয় তদন্তৰ পিচত কিয় বনাঞ্চলিক বিষয়াজনক নিলম্বন কৰা হ’ল সেয়া এতিয়াও ৰহস্যাবৃত হৈ আছে ।

লগতে পঢ়ক: পেট্ৰ’লিং দিবলৈ গৈ কৰ্তৃপক্ষই প্ৰত্যক্ষ কৰিলে মৃত গঁড়

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.