ETV Bharat / state

পেট্ৰ’লিং দিবলৈ গৈ কৰ্তৃপক্ষই প্ৰত্যক্ষ কৰিলে মৃত গঁড় - Assam One Horned Rhino

author img

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 4:10 PM IST

Dead Rhino Rescued
মৃত গঁড় উদ্ধাৰ

Rhino found dead: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ মৃত্যু ৷ এই মৃত্যু সন্দৰ্ভত পৰস্পৰ সংঘাতৰ কথা পোহৰলৈ আহিছে ৷ সবিশেষ আগলৈ-

কৰ্তৃপক্ষৰ ভাষ্য

কলিয়াবৰ, 23 মাৰ্চ : শুকুৰবাৰে নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত মৃত্যু ঘটে আনুমানিক 12 ৰ পৰা 15 বছৰীয়া এটি বৃদ্ধ গঁড়ৰ ৷ পুৱাই টুনীকাটিৰ বন-বিভাগৰ ষ্টাফ গৈছিল পেট্ৰ’লিং দিবলৈ ৷ তেতিয়াই তেওঁলোকে প্ৰত্যক্ষ কৰে মৃত গঁড়টো ৷ তাৰ পাচত তেওঁলোকে আৰক্ষী আৰু বন-বিষয়াক খবৰ দিয়ে ৷

খবৰ পায়েই ঘটনাস্থলীত উপস্থিত হয় নগাঁও জিলা আৰক্ষী অধীক্ষক স্বপনীল ডেকা, ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষৰ সৈতে বনকৰ্মীৰ দল ৷ বহু সময় ধৰি কৰা পৰীক্ষা-নিৰীক্ষাৰ অন্তত সমগ্ৰ ঘটনাৰ বিষয়ে সদৰী কৰে ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে ৷ তেওঁ কয় যে, পৰস্পৰ সংঘাতৰ ফলত গঁড়টোৰ মৃত্যু ঘটিছে ৷ প্ৰথমাৱস্থাত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সাংবাদিকক ঘটনাস্থলীলৈ যাবলৈ অনুমতি দিয়া নাছিল ৷

উল্লেখ্য যে, বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত টুনীকাটি বন শিবিৰ এলেকাত শনিবাৰে পুৱা উদ্ধাৰ হয় এটা গঁড়ৰ মৃতদেহ । ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে জানিবলৈ দিয়া অনুসৰি ২৪ ঘন্টাৰ পূৰ্বে আন গঁড়ৰ সৈতে যুদ্ধ কৰি মৃত্যুমুখত পৰিছিল প্ৰাপ্তবয়স্ক গঁড়টো । প্ৰথম অৱস্থাত চোৰাংচিকাৰীয়ে গঁড়টো হত্যা কৰাৰ সন্দেহ কৰিছিল যদিও পাচত বন-বিভাগৰ অনুসন্ধান আৰু পৰ্যবেক্ষণত প্ৰকৃত ঘটনা পোহৰলৈ আহে ।

আন গঁড়ৰ সৈতে হোৱা যুঁজতে গড়টোৰ মৃত্যু হৈছিল বুলি উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়ে । অক্ষত অৱস্থাতে গঁড়ৰ খড়গটো আছে বুলিও জানিবলৈ দিয়ে ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে । আৰক্ষীয়েও ঘটনাস্থলীত উপস্থিত হৈ তন্ন-তন্নকৈ সমগ্ৰ ঘটনা পৰীক্ষা কৰাৰ কথা অৱগত কৰে নগাঁও জিলা আৰক্ষী অধীক্ষক স্বপনীল ডেকাই । বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অমূল্য সম্পদ তথা বিশ্ব গৌৰৱ এশিঙীয়া গঁড়ৰ মৃত্যুত দুখ প্ৰকাশ প্ৰকৃতিপ্ৰেমী তথা উদ্যান কৰ্তৃপক্ষৰ ।

লগতে পঢ়ক : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাইটাপুত মৃত গঁড় উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.