ETV Bharat / state

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাইটাপুত মৃত গঁড় উদ্ধাৰ

Dead Rhino found in Kaziranga National Park: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মৃত গঁড় উদ্ধাৰ । কাজিৰঙাৰ গমিৰি ৰেঞ্জৰ গাইটাপু নদীত উদ্ধাৰ হয় মৃত গঁড়টো । স্থানীয় ৰাইজে গঁড়টো নদীখনত ওপঙি থকা প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে মৃত গঁড়টো ।

Dead rhino found in Kaziranga National Park
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাঁইটাপুত মৃত গঁড় উদ্ধাৰ
author img

By ETV Bharat Assamese Team

Published : March 17, 2024 at 3:57 PM IST

2 Min Read
Choose ETV Bharat
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাঁইটাপুত মৃত গঁড় উদ্ধাৰ

বিশ্বনাথ,১৭ মাৰ্চ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মৃত গঁড় উদ্ধাৰ । উদ্যানখনৰ ভিতৰৰ গাইটাপু নদীত উদ্ধাৰ হয় গঁড়টো । ৰাষ্ট্ৰীয় উদ্যানখনৰ উত্তৰ পাৰে থকা নদীখনত ওপঙি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে । লগে লগে স্থানীয় ৰাইজে খবৰ দিয়ে বন বিভাগক । পূৱ গমিৰি বন বিভাগক খবৰ দিয়া মাত্ৰকেই উক্ত স্থানত উপস্থিত হয় বন বিভাগৰ লোক ।

পূৱ গমিৰি ৰেঞ্জৰ ৰেঞ্জাৰ প্ৰাঞ্জল গগৈৰ নেতৃত্বত যোৱা বন বিভাগৰ দলটোৱে স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰে গঁড়টোৰ মৃতদেহ । গঁড়টো মৃতদেহ উদ্ধাৰ কৰি খৰ্গটো বিভাগৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰে । লগতে গঁড়টোৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা বুলি গমিৰি ৰেঞ্জৰ ৰেঞ্জাৰ প্ৰাঞ্জল গগৈয়ে জানিবলৈ দিয়ে । আনহাতে গঁড়টো মৃত্যু সন্দৰ্ভত বন বিষয়া গৰাকীয়ে প্ৰকাশ কৰে যেন গঁড়টো বয়স হোৱা বাবে মৃত্যু হৈছে ।

উল্লেখ্য যে, বছৰটোৰ আৰম্ভণিতে উদ্ধাৰ হৈছিল এজনী গঁড়ৰ মৃতদেহ । চোৰাং চিকাৰীয়ে গুলীয়াই গঁড়জনী হত্যা কৰি খৰ্গ কাটি উধাও হৈছিল যাক সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্য । শেহতীয়াকৈ বহু বনকৰ্মীক কাজিৰঙাৰ সুৰক্ষাৰ দায়িত্বত মকৰল কৰা হৈছে ৷ তদুপৰি আৰক্ষীৰ লোকেও ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ দায়িত্বত ব্ৰতী হৈ আছে ৷ চৰকাৰী পক্ষৰ এই সমস্ত নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত গুলীয়াই গঁড় হত্যা কৰি খৰ্গ কাটি চোৰাং চিকাৰী কেনেকৈ উধাও হ’বলৈ সক্ষম হয় তাক লৈ সেই সময়ত প্ৰশ্ন উত্থাপন হৈছিল ৷ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছিল যদিও বৰ্তমানো কোনো সুদুত্তৰ পোৱা নগ'ল ।

লগতে পঢ়ক: মাজুলীত বন বিভাগৰ ৰেড এলাৰ্ট; গঁড় বিচাৰি বন বিভাগৰ অভিযান