ETV Bharat / health

কুকুৰা মাংস ভালপালে বুলিলেই নাখাব এইকেইটা অংশ, ইয়াৰ আছে পাৰ্শ্বক্ৰিয়া - Unhealthy Part Of Chicken

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 11:24 AM IST

Updated : May 27, 2024, 1:44 PM IST

PARTS OF CHICKEN NOT TO EAT : কুকুৰাৰ মাংস খাই ভাল পায় নেকি ? সীমিত পৰিমাণত খালে স্বাস্থ্যৰ বাবে ই যথেষ্ট ভাল ৷ কিন্তু সুস্থ হৈ থাকিবলৈ কুকুৰা মাংসৰ এটা অংশ একেবাৰেই নাখাব ! সেই অংশটো কি জানেনে বাৰু ?

Unhealthy Part Of Chicken
সাৱধান ! জিভাৰ সোৱাদ কুকুৰা মাংসয়ো আনিব পাৰে বিপদ (Getty Images)

সুস্বাদু ব্যঞ্জনেৰে ৰন্ধা মাংসৰে এসাঁজ খাবলৈ কাৰনো মন নাযায় ! তাতে যদি হয় আকৌ কুকুৰাৰ মাংস, তেন্তে সেই সাজ ভাতৰ সোৱাদেই হ’ব কিছু সুকীয়া ৷ আপুনিও নিশ্চয় কুকুৰাৰ মাংস খাই নিশ্চয় ভাল পায় ৷ তেন্তে আমাৰ এই বিশেষ প্ৰতিবেদন আপোনাৰ বাবে ৷

আমি সকলোৱে জানো যে কুকুৰা মাংস স্বাস্থ্যৰ বাবে উত্তম ৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে, কুকুৰা মাংসৰ এটা বিশেষ অংশ শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক । ইয়াক খালে স্বাস্থ্যৰ ওপৰত পাৰ্শ্বক্ৰিয়া (Side effect) হয় । সেই বিশেষ অংশটো হৈছে কুকুৰাৰ ছাল ৷

কুকুৰাৰ ছালে কেনেদৰে স্বাস্থ্যৰ অপকাৰ কৰিব পাৰে, সেই এই বিষয়ে তলত কিছু কথা উল্লেখ কৰা হ’ল-

কুকুৰাৰ ছালত কি আছে ?

কুকুৰাৰ ছালত প্ৰচুৰ ক্ষতিকাৰক চৰ্বি থাকে । ই কোনো ধৰণৰ পুষ্টি প্ৰদান নকৰে । কুকুৰাৰ শৰীৰৰ কোনো অংশ যদি সম্পূৰ্ণ অসাৰ হয়, সেয়া হ’ল ইয়াৰ ছাল । দ্বিতীয়তে, মাংস দোকানীয়ে কুকুৰাৰ ছালত ৰাসায়নিক পদাৰ্থ স্প্ৰে’ কৰি ইয়াক আকৰ্ষণীয় কৰি গ্ৰাহকৰ সন্মুখত উপস্থাপন কৰে । যাৰ বাবে ই স্বাস্থ্যৰ পক্ষে অত্যন্ত ক্ষতিকাৰক ৷

কুকুৰাৰ ছাল খালে কি হয় ?

কুকুৰাৰ ছাল খালে শৰীৰত ক্ষতিকাৰক চৰ্বি জমা হোৱাৰ লগতে ওজন বৃদ্ধি হোৱাৰ সম্ভাৱনা অতি বেছি । ইয়াৰ উপৰিও কুকুৰাৰ ছাল খালে উচ্চ ৰক্তচাপ, হৃদৰোগৰ দৰে ৰোগৰ সম্ভাৱনাও বৃদ্ধি পায় ।

ইউ এছ ডি এ(USDA) ৰ এক গৱেষণা অনুসৰি, ছাল আঁতৰাই ৰন্ধা কুকুৰাৰ এক কাপত ২৩১ কেলৰি থাকে, আনহাতে ছাল নোহোৱাকৈ ৰন্ধা একেটা কুকুৰাৰ ভিতৰত ২৭৬ কেলৰি থাকে । অৰ্থাৎ ছালত প্ৰতি আউন্সত, প্ৰতি কাপত ৩ গ্ৰাম সংপৃক্ত ছৰ্বি (Saturated fat) থাকে ।

কুকুৰাৰ ছাল একেবাৰে নাখাব !

নিঃসন্দেহে কিছুমান মানুহে কুকুৰাৰ ছাল ভাল পায় । আনকি ই ব্যঞ্জনবিধৰ সোৱাদ দুগুণে বৃদ্ধি কৰে ৷ কুকুৰাৰ ছাল নোখোৱা মানে ইয়াক সম্পূৰ্ণৰূপে পৰিহাৰ কৰাটো নুবুজায় । যদিহে কুকুৰাৰ ছাল খায়ো সুস্থ হৈ থাকিবলৈ বিচাৰে, তেন্তে ইয়াক দুই-তিনিবাৰ ধুই নিমখ আৰু হালধি দি ভালদৰে ৰান্ধিব লাগে । কিন্তু মনত ৰাখিব কুকুৰাৰ ছাল বেছিকৈ যাতে নাখায় । বেছিকৈ কুকুৰাৰ ছাল খোৱাৰ ফলত শৰীৰত কলেষ্ট্ৰ’ৰ’ল (cholesterol) ৰ মাত্ৰা নিয়ন্ত্ৰণত অসুবিধা হ’ব পাৰে ।

গুৰুত্বপূৰ্ণ টোকা :

প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো ৷ কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

Last Updated : May 27, 2024, 1:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.