ETV Bharat / bharat

CWC meeting in Hyderabad : ৫ ৰাজ্যৰ নিৰ্বাচন সন্দৰ্ভত আলোচনা; হায়দৰাবাদত চিডব্লিউচিৰ বৈঠকত খাৰ্গে

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 12:27 PM IST

হায়দৰাবাদত অনুষ্ঠিত চিডব্লিউচিৰ বৈঠকত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে শনিবাৰে কয় যে ৰাহুল গান্ধী, ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধীকে ধৰি দলটোৰ শীৰ্ষ নেতাসকলে পাঁচখন ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৰণনীতি যুগুত কৰাৰ বিষয়ে আলোচনা কৰিব ।

CWC meeting in Hyderabad
CWC meeting in Hyderabad

নিউজ ডেস্ক, ১৬ ছেপ্টেম্বৰ : কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে শনিবাৰে কয় যে দলটোৰ শীৰ্ষ নেতাসকলে শনিবাৰে হায়দৰাবাদত অনুষ্ঠিত হ'বলগীয়া কংগ্ৰেছ ৱৰ্কিং কমিটীত পাঁচখন ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৰণনীতি যুগুত কৰাৰ ওপৰত আলোচনা কৰিব । উল্লেখ্য যে মল্লিকাৰ্জুন খাৰ্গেৰ সভাপতিত্বত দলটোৰ শীৰ্ষ সিদ্ধান্ত গ্ৰহণকাৰী নৱগঠিত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ এইখন হৈছে প্ৰথম বৈঠক ।

সাংবাদিকৰ সৈতে বাৰ্তালাপত খাৰ্গে কয় যে বৈঠকত ৰাহুল গান্ধী, ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধীকে ধৰি কংগ্ৰেছ নেতাসকল উপস্থিত থাকিব । "মই দলৰ সভাপতি হিচাপে দায়িত্ব লোৱাৰ পিছত এইখন প্ৰথম চিডব্লিউচি বৈঠক । দেওবাৰে এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকো অনুষ্ঠিত হ'ব, য'ত দলটোৰ সৈতে জড়িত বিষয়ৰ ওপৰত আলোচনা কৰা হ'ব । কংগ্ৰেছ নেতা ৰাহুল গান্ধী, ছোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধী আৰু সকলো জ্যেষ্ঠ নেতা উক্ত বৈঠকত উপস্থিত থাকিব । তাত ৫ খন ৰাজ্যৰ আগন্তুক নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰিব আৰু সেই অনুসৰি পৰিকল্পনা কৰিব । মিত্ৰজোঁটৰ আমাৰ অংশীদাৰসকলৰ সৈতে পৰৱৰ্তী বৈঠকত মিত্ৰতা সন্দৰ্ভতো আলোচনা কৰা হ'ব ।" খাৰ্গেয়ে কয় ।

উল্লেখ্য যে খাৰ্গেয়ে শনিবাৰে পুৱা হায়দৰাবাদত অনুষ্ঠিত হ'বলগীয়া সভাত সভাপতিত্ব কৰিবলৈ হায়দৰাবাদলৈ ৰাওনা হয় । শুকুৰবাৰে ৰংগাৰেড্ডীত সংবাদ মাধ্যমৰ আগত কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কয় যে চিডব্লিউচিয়ে অহা দুদিনৰ ভিতৰত বিজেপিৰ বিৰুদ্ধে ৰণনীতি প্ৰস্তুত কৰিবলৈ বৈঠক অনুষ্ঠিত কৰিব, যাক তেওঁলোকে ৰাজনীতিত তেওঁলোকৰ মুখ্য শত্ৰু বুলি অভিহিত কৰে ।

শেহতীয়াকৈ কংগ্ৰেছ হাইকমাণ্ডে চিডব্লিউচিৰ সদস্য, স্থায়ী আৰু বিশেষ আমন্ত্ৰণকাৰী নিযুক্ত কৰিছে । হায়দৰাবাদত এই সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হ'ব । চাৰিজন মুখ্যমন্ত্ৰীৰ লগতে কংগ্ৰেছৰ সকলো শীৰ্ষ নেতৃত্ব ১৬ আৰু ১৭ তাৰিখে হায়দৰাবাদত উপস্থিত থাকিব । ১৬ তাৰিখে চিডব্লিউচিৰ বৈঠক, ১৭ তাৰিখে প্ৰদেশ কংগ্ৰেছ সভাপতি আৰু কংগ্ৰেছ বিধায়িনী দলৰ নেতাসকলৰ সৈতে চিডব্লিউচিৰ বৈঠক অনুষ্ঠিত হ'ব । আনহাতে, শীৰ্ষ নেতাসকলে একেদিনাই সন্ধিয়া টুক্কুগুড়াত আয়োজিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক :CWC Meeting : আজিৰে পৰা হায়দৰাবাদত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠক; বিধানসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুতৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.