মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ফলাফল ঘোষণা

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 7:05 AM IST

thumbnail

বিহপুৰীয়া, 6 ডিচেম্বৰ: পোনপ্ৰথমবাৰৰ বাবে নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছে ছাত্ৰ একতা সভাৰ নিৰ্বাচন ৷ এই নিৰ্বাচনত আপৰ ছাত্ৰ সংগঠন CYSS আৰু ABVP ৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰে । এই ফলাফল ঘোষণাৰ পিচতে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে বিশ্ববিদ্যালয়খনত । 

কেইবাগৰাকী প্ৰাৰ্থীৰ মাজত অনুষ্ঠিত হোৱা নিৰ্বাচনটোত আপৰ ছাত্ৰ সংগঠন ছাত্ৰ যুৱ সংঘৰ্ষ সমিতি চমুকৈ CYSS ৰ সমৰ্থিত গৌতম দলে, গুণীন্দ্ৰ কুটুম আৰু জুৰি দেউৰীয়ে ক্ৰমে সভাপতি, ক্ৰীড়া সম্পাদক আৰু ছাত্ৰী জিৰণি কোঠাৰ সম্পাদিকা হিচাপে জয়লাভ কৰে । আনহাতে সাধাৰণ সম্পাদক পদত জয়লাভ কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ ABVP ৰ সমৰ্থিত প্ৰাৰ্থী পৰেশ হাজৰিকা আৰু আলোচনী সম্পাদিকা হিচাপে ৰুকুমণি দাসে জয়লাভ কৰে ৷

লগতে পঢ়ক: JDSG College Golaghat : ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফলৰ পাচতে গোলাঘাটত প্ৰচণ্ড মাৰপিট

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.