JDSG College Golaghat : ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফলৰ পাচতে গোলাঘাটত প্ৰচণ্ড মাৰপিট

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 8:06 PM IST

thumbnail

বোকাখাত, 7 জুলাই : মঙলবাৰে অনুষ্ঠিত হোৱা বোকাখাতৰ জে ডি এচ জি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় ৷ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাচতেই আছুৰ সমৰ্থক আৰু অসম ছাত্ৰ পৰিষদৰ সমৰ্থকৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা ৷ উল্লেখ্য যে আজি অনুষ্ঠিত হৈছিল বোকাখাতৰ জে ডি এচ জি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন ৷ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনৰ ফলাফলৰ পাচতে দুয়োটা পক্ষৰ মাজত মহাবিদ্যালয় চৌহদৰ বাহিৰত হঠাৎ সংঘাতৰ সৃষ্টি হয় ৷ নিৰ্বাচনত অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত সম্পাদকসহ ১২ গৰাকী প্ৰাৰ্থী বিজয়ী হোৱাৰ বিপৰীতে আছু সমৰ্থিত সভাপতিসহ ৪ গৰাকী প্ৰাৰ্থী বিজয়ী হয় ৷ এই লৈয়ে দুয়োপক্ষৰ সমৰ্থকৰ মাজত সংঘাতৰ সৃষ্টি হয় ৷ কিন্তু দুয়ো পক্ষৰ ফালৰ পৰা ভুলবশতঃহে এনে ঘটনাৰ সুত্ৰপাত হয় বুলি মন্তব্য কৰে ৷

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.